খচৰাত নাম নথকাসকলক সকলো ধৰণৰ সহযোগিতা আগ বঢ়োৱাৰ আশ্বাস মুখ্য মন্ত্ৰীৰ

এন আৰ চি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শনিবাৰে বাক্সা জিলাৰ নিকাছিত জ্ঞানপীঠ স্নাতক কলেজত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱালে কয় যে ৩০ জুলাইত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰাক লৈ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই।

এই তালিকাখন চূড়ান্ত এন আৰ চি নহয়, এখন খচৰা তালিকাহে বুলি ৰাইজক আশ্বাস দিয়ে মুখ্য মন্ত্ৰীয়ে। যদিহে ৩০ জুলাইত প্ৰকাশ পাবলগীয়া খচৰাত কোনো লোকৰ নাম নাথাকে তেন্তে সেইসকল লোকে পুনৰ ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও আজিৰ সভাত সোণোৱালে মন্তব্য কৰে।

উল্লেখযোগ্য যে এন আৰ চি সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে উচটনিমূলক মন্তব্য দিয়াসকলক সকীয়নি প্ৰদান কৰি সোণোৱালে কয় যে যদিহে কোনোবাই এনেধৰণৰ মন্তব্য প্ৰদান কৰে তেন্তে ইয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। সেয়ে কোনো লোকে যাতে উচতনিমূলক মন্তব্যৰ জৰিয়তে সমাজত সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলোকে সজাগ, সচেতন হ’বলৈও আহ্বান মুখ্য মন্ত্ৰীগৰাকীৰ।