• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

গণশিল্পী ভূপেন হাজৰিকাৰ মৃত্যু দিনত উদযাপন হ’ল বোকাখাত জাতীয় বিদ্যালয়ৰ ‘গীত-মাতৰ আবেলি ২০২৪’

”ব্যক্তিগত শিল্পসাধনাই বিজ্ঞাপনধৰ্মী শিল্পীৰহে জন্ম দিয়ে, আনহাতে সামূহিক শিল্প সাধনাই এখন সমাজৰ উৎকৰ্ষ সাধনত অহোপুৰুষাৰ্থ কৰে”: সপোন জ্যোতি ঠাকুৰ।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 10:24 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণশিল্পী ড⁰ ভূপেন হাজৰিকাৰলৈ উছৰ্গাৰে বুধবাৰে অনুষ্ঠিত হয় ‘প্ৰয়াস অধ্যয়ন চক্ৰ’ৰ অন্যতম নিবেদন বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ‘গীত মাতৰ আবেলি’।

বিগত বৰ্ষবোৰৰ সাংস্কৃতিক ধাৰাবাহিকতা অব্যাহত ৰাখি এই বৰ্ষতো গীত-মাতৰ আবেলি উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে গণ সংগীতকে ধৰি জনগোষ্ঠীয় নৃত্যৰ পৰা চিৰ সেউজ অসমীয়া গীত-মাত, ভায়লীন বাদন, তবলা বাদন, লোকবাদ্য বাদন, মূকাভিনয়, নৃত্যালেখ্য, একাংকিকা নাট, আবৃত্তিলৈকে ভালেমান মননশীল কাৰ্যসূচী।

অনুষ্ঠানটোৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোন জ্যোতি ঠাকুৰ। উদ্বোধনী ভাষণ প্ৰসংগত বিশিষ্ট নাট্যকাৰ গৰাকীয়ে বোকাখাত জাতীয় বিদ্যালয়ে গীত-মাতৰ আবেলি উপলক্ষে কৰা ছাত্ৰ-ছাত্ৰসকলৰ সামূহিক কৰ্ষণক প্ৰশংসা কৰি কয় যে শিল্পৰ সাধনা দুই প্ৰকাৰে হয় – ব্যক্তিগত শিল্প সাধনা আৰু সামূহিক শিল্প সাধনা। ব্যক্তিগত শিল্পসাধনাই এজন অমিতাভ বচ্ছনৰ জন্ম দিয়ে যি গুটখাৰ বিজ্ঞাপন দিয়ে আনহাতে সামূহিক শিল্প সাধনাই এখন সমাজৰ উৎকৰ্ষ সাধনত অহোপুৰুষাৰ্থ কৰে। আনহাতে শুভেচ্ছামূলক ভাষণ আগবঢ়াই লেখিকা নিজৰা বৰঠাকুৰে।

উদ্বোধনী অনুষ্ঠানটোতে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ‘ৰ’দালী’ উন্মোচন কৰে বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই। লগতে ছাত্ৰাবাসৰ পৰা প্ৰকাশিত হাতেলিখা আলোচনী ‘যাত্ৰা’ উন্মোচন কৰে চিএনবি মহাবিদ্যালয়ৰ উদ্ভিদবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী বৰাই।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে লেখিকা নিজৰা বৰঠাকুৰ, সদৌ সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অভিনেতা অমৰ কাকতি, মনো বৰা, তবলা বাদক বীৰেন দাস, ভায়লীন বাদক প্ৰদীপ বৰুৱা, সত্ৰীয়া নৃত্য গুৰু নীৰেন কাকতি, লেখিকা সুবৰ্ণ শইকীয়া, বোকাখাত সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, বিশিষ্ট লেখিকা কল্পনা চেতিয়া, গীতাঞ্জলী কলিতা, কবি মিনতি দলে, বিশিষ্ট লেখিকা মৃদুস্মিতা শৰ্মা, সাংস্কৃতিক কৰ্মী অসীম বৰুৱা, আব্দুৰ ৰাজ্জাক, দীপক শৰ্মা, বৰগীত শিল্পী ৰিজুমণি বৰা হাজৰিকা, নাট্যকৰ্মী সত্যেন শইকীয়া, সংগীত শিল্পী ড⁰ বৰ্ণালী বৰুৱা, নিলোৎপল গায়ন, ভিডিঅ’ সম্পাদক অনুপম বৰদলৈকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

বিদ্যালখনৰ অধ্যক্ষ ইনজু আহমেদে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ভাৰত-ছোভিয়েট মৈত্ৰী বঁটা প্ৰাপক জনসুহৃদ চিদানন্দ শইকীয়া স্মাৰক বৃত্তি (২০২৩-২৪শিক্ষাবৰ্ষ) জৈষ্ণৱ চৌখাম আৰু অভ্ৰনীলা শ্ৰাৱণীক, বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মেনকা পাটগিৰিক আৰু শ্ৰেষ্ঠ উপস্থিতিৰ বঁটা অংশুমান হাজৰিকাক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে জাতীয় বিদ্যালয়ৰ শীৰ্ষ গীত পৰিৱেশন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰমঞ্চই। শিক্ষয়িত্ৰী ঈপ্সিতা দত্ত আৰু শিক্ষক ৰাজু কাথাৰে আঁত ধৰা আদৰণি অনুষ্ঠানৰ পাছতেই বাকী অনুষ্ঠানসমূহ পৰিচালনা কৰে ক্ৰমে অনুসূয়া ফুকন, বিৰিণা নৰহ, অৰ্পিতা শৰ্মা, দীক্ষিতা দীক্ষিত,মিগম মিলি, ইমন কল্যাণ, সুকন্যা নাথ, চয়নিকা বৰা, নিৰিবিলি ভৰালী, ডঁৰিয়লি হাজৰিকা, প্ৰিয়াক্ষী বৰা আৰু বাসৱ হাজৰিকাই।

উল্লেখযোগ্য যে সত্ৰীয়া নৃত্য গুৰু নীৰেন কাকতিৰ এটি সত্ৰীয়া নৃত্য সংৰচনা, বিদ্যালয়খনৰ বিগত বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা ইমন কল্যাণে পৰিৱেশন কৰা কেশৱ মহন্তৰ জনমুখী এটি গীত আৰু  ৰাতুল ফুকনৰ পৰিচালনাৰে সপোন জ্যোতি ঠাকুৰৰ ‘এদিন ঘৰত অকলে’ শীৰ্ষক নাটকখনিয়ে গীত মাতৰ আবেলি অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd