গাভৰুৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ডিফু চহৰ

২৩ এপ্ৰিলত ডিফু হস্পিটালত এগৰাকী ২০ বছৰীয়া গাভৰুৰ ৰহস্যজনক মৃত্যুৰ বাবে প্ৰাক্তন প্ৰেমিক দীপক চেত্ৰীক দায়ী কৰি দোষীৰ উচিৎ শাস্তিৰ দাবীত  উত্তেজিত  জনতাই ডিফু চহৰৰ আৰক্ষী থানা, বজাৰত ভীৰ কৰে আৰু বিৰাট প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।   প্ৰতিবাদী জনতা ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ উপক্ৰম হোৱাত জনতাক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে।

জানিব পৰা গৈছে যে এক ৰহস্যময় কাৰণত কোঠাৰ ভিতৰত অজ্ঞান অৱস্থাত উদ্ধাৰ কৰা জেনিছা ইংতিপিক দীপক চেত্ৰীয়ে এখন অটোৰিক্সাত উঠাই ডিফু চিকিৎসালয়লৈ লৈ আহিছিল যদিও তেওঁক বচাব পৰা নগ’ল। দীপক চেত্ৰীৰ সৈতে জেনিছাৰ ভনী মাৰ্টিনা ইংতিপিও চিকিৎসালয়লৈ আহিছিল।

উত্তেজিত জনতাক চত্ৰভংগ দিয়াবলৈ কৰা আৰক্ষীৰ লাঠি চালনাত কেইজনমান প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে আবেলি ৪ মান বজাত আৰক্ষীয়ে দুজনমান সাংবাদিকৰ মোবাইল ফোন কাঢ়ি লৈ যায় আৰু নষ্ট কৰি পেলায়।

আৰক্ষীয়ে দীপেন চেত্ৰী আৰু মাৰ্টিনা ইংতিপিক নিজৰ জিম্মাত লয়।

ইয়াৰ পূৰ্বে উত্তেজিত জনতাই ডিফু বজাৰৰ দোকানাীসকলক দোকান বন্ধ কৰাৰ বাবে আদেশ দিয়ে।

মাৰ্টিনা ইংতিপিয়ে প্ৰকাশ কৰা মতে ২৩ এপ্ৰিলৰ পুৱা ৭.৩০ মান বজাত তেওঁ বায়েক জেনিছা ইংতিপিৰ ২০ বছৰীয়া জন্মদিন পালন কৰাৰ বাবে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত দিছোবাই, লাংকাংববৰ পৰা আহিছিল। তেওঁ আহিয়েই বায়েকৰ ভাড়াঘৰৰ দুৱাৰ বন্ধ অৱস্থাত পাই দীপেন চেত্ৰীৰ সৈতে লগ হৈ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে আৰু জেনিছাক অজ্ঞান অৱস্থাত দেখা পায়।

মাৰ্টিনাই দাবী কৰিছে যে তেওঁ আৰু দীপক চেত্ৰীয়ে জেনিছাক ততাতৈয়াকৈ চিকিৎসালয়লৈ আনে কিন্তু তাতে তেওঁৰ মৃত্যু হয়।

মাৰ্টিনাই আৰু কয় যে বায়েকৰ সৈতে দীপৰ চেত্ৰীৰ এটা সম্পৰ্ক আছিল যদিও ২০১৬ চনত সেই সম্পৰ্ক ভাঙি যায়। তাৰ পাছত মাৰ্টিনাৰ দীপকৰ সৈতে সম্পৰ্ক গঢ়ি উঠে।

আনহাতে ঘৰৰ মালিক প্ৰকাশ ৰয়ৰ ভাষ্য অনুসৰি, ২৩ এপ্ৰিলৰ নিশা ৯.৩০ মান বজাতহে মাৰ্টিনা ইংতিপি আৰু দীপক চেত্ৰীয়ে জেনিছাক চিকিৎসালয়লৈ লৈ যায়। তেওঁ তেওঁলোকক এখন অটোৰিক্সাৰ ব্যৱস্থা কৰি দিয়ে। তেওঁ আৰু কয় যে ২০১৬ৰ জন মাহত দীপক চেত্ৰীয়ে মাৰ্টিনাৰ সৈতে বিয়া হোৱা বুলি এটা কোঠা ভাড়ালৈ লয়।

জেনিছৰ মৃত্যৰ ঘটনাটো পোহৰলৈ অহাৰ পাছত ২৪ এপ্ৰিলত ডিফু চহৰৰ আৰক্ষী চকীৰ সমুখত এক বিশাল জনতা একত্ৰিত হৈ মৃত জেনিছা ইংতিপিৰ ৰহস্যজনক মৃত্যুৰ উচিৎ তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে ডিফু বজাৰৰ দোকানসমূহ বন্ধ কৰাৰ বাবে আদেশ দিয়ে।

মৃত জেনিছা হৈছে দৰ্ছিং ইংতি আৰু এমিলিয়া হানছেপিৰ কন্যা।

মাতৃ এমিলিয়াই কৈছে যে তেওঁৰ বৰ জীয়ৰী জেনিছাৰ সৈতে দীপক চেত্ৰীৰ এটা সম্পৰ্ক আছিল আৰু জেনিছাৰ মৃত্যুৰ বাতৰি শুনি তেওঁ হতচকিত হৈ পৰিছে।

দীপক চেত্ৰীয়ে এটা ছপাশালত একাউণ্টেণ্ট হিচাপে কৰ্মৰত আৰু তেওঁৰ ঘৰ দোকমোকা আৰক্ষী থানাৰ অন্ৰ্গত দোকমোকাত। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদলৈকে অপেক্ষা কৰি থকা হৈছে।

আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি আশ্বাস দিয়াৰ পাছত ক্ষুদ্ধ জনতাই স্থান ত্যাগ কৰে।