• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: স্নায়ুযুঁজত ৰাজস্থানৰ বিদায়! আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2024 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুয়োটা দলেই এবাৰকৈ জিকিছে আই পি এল ট্ৰফী। ছানৰাইজাৰ্ছ হায়দৰাবাদে শেষবাৰৰ বাবে ২০১৬ চনত খিতাপ লাভ কৰিছিল। আৰু ২০০৮ চনৰ উদ্বোধনী ছিজনত ট্ৰফী জয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বাবে ট্ৰফী জয়ৰ সপোনে খেদি ফুৰিছিল। ফলত দুয়োটা দলে দ্বিতীয়বাৰ ট্ৰফী জয়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ উন্মুখ হৈ পৰিছিল। আৰু সেই যুঁজত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে। ইতিমধ্যে ফাইনেলৰ টিকট নিশ্চিত কৰা কলকাতা নাইটছে পেট কামিন্সৰ দলৰ বাবে অপেক্ষা কৰি আছে।

চলিত আই পি এলত ৰাজস্থান আৰু হায়দৰাবাদৰ শক্তি প্ৰায় সমান। সঠিক সময়ত তেওঁলোকৰ সকলো অস্ত্ৰ সম্ভাৰ উজলি উঠিছে। আই পি এলৰ দুই আৰু তিনি নম্বৰৰ দলটো বেটিং আৰু বলিং দুয়োটা দিশতে যথেষ্ট শক্তিশালী। কিন্তু কোৱালিফায়াৰৰ যুঁজত ধ্ৰুৱ জুৰেলৰ একক যুঁজখন কামত নাহিল। শ্বাহবাজৰ দুৰ্দান্ত বলিঙে ডাঙৰ সকাহ দিলে ছানৰাইজাৰ্ছক।

Apply Now

ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰা হায়দৰাবাদৰ বিধ্বংসী অভিলেখ মনত ৰাখিও সঞ্জুৱে ৰিস্ক লয়। বলাৰসকলেও নিজৰ অধিনায়কক যথেষ্ট সহায় আগবঢ়ায়।

প্ৰথম অভাৰতে ট্ৰেণ্ট ব’ল্টে ফৰ্মত থকা অভিষেক শৰ্মাক ১২ ৰানত ঘূৰাই পঠিয়ায়। তাৰপৰা হেড (৩৪) আৰু ৰাহুল ত্ৰিপাঠীয়ে ৩৭ ৰান কৰি হায়দৰাবাদৰ বেটিং নিয়ন্ত্ৰণ কৰে। অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকী ক্ৰমান্বয়ে পুনৰ চিনাকি ছন্দলৈ ঘূৰি আহিছিল। ঠিক সেই সময়ত বল্টে পুনৰ আঘাত কৰে (৪৫/৩)। তেওঁ একেটা অভাৰতে ত্ৰিপাঠী আৰু মাৰ্কৰাম (১)ক ঘূৰাই পঠিয়ায়।

ইয়াৰ পিছতে সন্দীপ শৰ্মাৰ বলত সোনকালেই উভতি যায় হেড। আভেছ খানহঁতৰ (২৭/৩) আধিপত্যৰ পিছতো অলপ যুঁজ দি অৰ্ধ শতক কৰে ক্লাচেনে (৫০)। ফলত হায়দৰাবাদ ১৭৫ ৰানত ৰৈ যায়।

এই স্ক’ৰ চেন্নাইৰ খেলপথাৰৰ হিচাপত একেবাৰে বেয়া নাছিল। এই ছিজনত ইয়াত কোনো দলেই বেছি ৰান কৰিব পৰা নাই। মুষ্টিমেয় মেচত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰা হৈছে। তদুপৰি হায়দৰাবাদৰ বলিঙত পেট কামিন্স, ভুৱনেশ্বৰ কুমাৰ, নটৰাজানৰ দৰে পৰাক্ৰমী বলাৰ আছে। ৰাজস্থানৰ অ’পেনাৰ কাডমৰে (১০) ইয়াৰ প্ৰভাৱ অনুভৱ কৰে। দেশৰেই জোছ বাটলাৰ উভতি যোৱাৰ পিছত ইংলেণ্ডৰ এই বেটছমেনগৰাকীয়ে তেওঁৰ থাই পূৰোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

তেওঁ আউট হৈ ঘূৰি যোৱাৰ পিছত ৰাজস্থানে যশস্বী জয়ছোৱালৰ বেটত (৪২) বিজয়ৰ সপোন দেখিবলৈ আৰম্ভ কৰে। কিন্তু শ্বাহবাজ আহমেদৰ (২৩/৩) স্পিনত ধৰা পৰিল যশস্বী। পৰৱৰ্তী অভাৰত অধিনায়ক সঞ্জু (১০) অভিষেক শৰ্মা (২৪/২)ৰ বলত উভতি যায়। এইবাৰ আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসমৰ ৰিয়ান পৰাগো (৬) ব্যৰ্থ হয়। বেংগালুৰুৰ মেচৰ নায়ক হেটমায়াৰ (৪)পাৱেলছো (৬) দ্ৰুতভাৱে উভতিল। ধ্ৰুৱ জুৰেলৰ (৫৬) একক যুঁজখনে কাম নকৰিলে। শেষত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে।

Celebrations in the @SunRisers camp 🔥👏#TATAIPLPlayoffs #IPLonJioCinema #SRHvRR #TATAIPL pic.twitter.com/GAJpI7nngY

— JioCinema (@JioCinema) May 24, 2024

ফাইনেলত হায়দৰাবাদৰ বাবে অপেক্ষা কৰি আছে কলকাতা নাইট ৰাইডাৰ্ছ। প্ৰথম কোৱালিফায়াৰত একপক্ষীয় প্ৰতিযোগিতাত পেট কামিন্সক পৰাস্ত কৰে কলকাতাই। ফাইনেলত হায়দৰাবাদে তাৰ প্ৰতিশোধ লব পাৰিবনে? নে গম্ভীৰৰ পৰিকল্পনাত কলকাতাৰ হাতত ধৰাশায়ী হৈ পৰিব ছানৰাইজাৰ্ছ? তাৰ বাবে ক্ৰিকেট প্ৰেমীসকলে ২৬ মে’ৰ মহাযুদ্ধলৈ আগ্ৰহেৰে বাট চাই ৰৈছে।

সংক্ষিপ্ত স্কোৰঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৭৫/৯ ( ক্লাচেন ৫০, হেড ৩৪, আৱেশ খান ২৭/৩)

ৰাজস্থান ৰয়েলছঃ ১৩৯/৭ (ধ্ৰুৱ জুৰেল ৫৬, যশস্বী ৪২, শ্বাহবাজ ২৩/৩)

ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd