দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰায় শেষ হোৱাৰ দিশে আগবাঢি়ছে। শনিবাৰে সমগ্ৰ দেশতে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলি আছে।
প্ৰতিটো পৰ্যায়ৰ দৰেই এই পৰ্যায়তো হেভিৱেট প্ৰাৰ্থীৰ ওপৰত দৃষ্টি ৰখা হ’ব। ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দৃষ্টি আকৰ্ষণ কৰা প্ৰাৰ্থীৰ ভিতৰত আছে কেইবাগৰাকীও তাৰকা।
ষষ্ঠ পৰ্যায়ত পশ্চিমবংগত (৮), বিহাৰ (৮), হাৰিয়ানা (১০), ঝাৰখণ্ড (৪), ওড়িশা (৬), উত্তৰ প্ৰদেশ (১৪), দিল্লী (৭) আৰু কাশ্মীৰৰ (১) আসনৰ বাবে ভোটদান চলিছে। উল্লেখ্য যে, কাশ্মীৰৰ অনন্তনাগ সমষ্টিত পূৰ্বে নিৰ্বাচনলৈ যোৱাৰ কথা আছিল যদিও বেয়া বতৰ আৰু যোগাযোগৰ সমস্যাৰ বাবে ভোটদান ষষ্ঠ ৰাউণ্ডলৈ পিছুৱাই দিয়া হয়।
লগতে পঢ়কঃ IPL 2024: স্নায়ুযুঁজত ৰাজস্থানৰ বিদায়! আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে
এই পৰ্যায়ত নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ সংখ্যা হ’ল ৮৮৯ গৰাকী। তাৰে এগৰাকী হৈছে মানেকা গান্ধী। চুলতানপুৰৰ বিজেপি প্ৰাৰ্থীগৰাকী যোৱাবাৰো এই সমষ্টিৰ পৰাই সাংসদ হৈছিল। প্ৰথমবাৰৰ বাবে নিৰ্বাচনী পথাৰত প্ৰৱেশ কৰা বাঞ্চুৰি স্বৰাজেও ষষ্ঠ পৰ্যায়ৰ যুঁজত নামিছে। নতুন দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ কন্যাই।
ইয়াৰ লগতে কানহাইয়া কুমাৰৰ প্ৰতিও দৃষ্টি ৰাখিছে সকলোৱে। তেওঁ উত্তৰ দিল্লীৰ পৰা বিজেপি সাংসদ মনোজ তিৱাৰীৰ বিৰুদ্ধে যুঁজ দিছে। এই পৰ্যায়ত যুঁজত আছে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিও। তেওঁ অনন্তনাগ-ৰাজৌৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভাগ্যও ষষ্ঠ পৰ্যায়ত নিৰ্ধাৰিত হ’ব। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নবীন জিন্দালেও এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
লগতে পঢ়কঃ আমি ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি ডাষ্টবিনত পেলাই দিম – প্ৰতিশ্ৰুতি ৰাহুলৰ
পশ্চিমবংগত ষষ্ঠ পৰ্যায়ত যুঁজ দিব কেইবাগৰাকী তাৰকা প্ৰাৰ্থীয়ে। তামলুকৰ পৰা বিজেপিৰ প্ৰাৰ্থী অভিজিৎ গংগোপাধ্যায়ৰ ওপৰত সকলোৰে দৃষ্টি আছে। নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰে কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। তেওঁৰ যুঁজ তৃণমূলৰ যুৱ নেতা দেৱাংশু ভট্টাচাৰ্যৰ বিৰুদ্ধে।





