গুবাহাটী ভিত্তিক এপ ‘চিটি অ’ৰা’ই সমগ্ৰ অসমকে সামৰি ল’ব

cityora-570x320

২০১৬ চনৰ মে’ত মুকলি কৰা এটি এপ চিটিঅ’ৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ই মহানগৰীৰ লোকসকলক সুলভ তথা অনায়াসে গৃহ যোগানৰ জৰিয়তে জীৱন যাত্ৰা সহজ কৰি তুলিছিল।

আৰম্ভণিতে এটা খাদ্য সমাগ্ৰী যোগানৰ বাবে মুকলি কৰা এপটো এতিয়া অনলাইনত গেলামাল, শাক-পাচলি, সাজ-পোছাক, টিকট বুকিং আদি কামতো ব্যৱহাৰ কৰিব পাৰি।

চিটিঅ’ৰা আজিৰ পৰা প্ৰায় দুবছৰ ধৰি চলি আছে আৰু ই অতি উচ্চ হাৰত ব্যৱহৃত এটি স্থানীয় এপ। চলিত ফেব্ৰুৱাৰী মাহত এপটো নগাওঁ আৰু যোৰহাটত মুকলি কৰা হৈছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত ডিব্ৰুগড় আৰু তেজপুৰত মুকলি কৰা হ’ব।

বহুমুখী সেৱা লাভ কৰিবৰ বাবে এখন মাত্ৰ মঞ্চ হিচাপে মোবাইল এপটো এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটাতে উপলব্ধ।

এই এপৰ সেৱা প্ৰদানকাৰী দলটোৱে অহা ছমাহৰ ভিতৰত  অসমৰ নিবনুৱা যুবক-যুৱতীৰ বাবে কমেও ২০০ চাকৰি সৃষ্টিৰ লক্ষ্য বান্ধি লৈছে।

এতিয়ালৈকে এপটোৱে ৫০,০০০ কৈয়ো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে। অতি সৰল ব্যৱহাৰপোযোগী এপটো বৰ্তমান গুৱাহাটী আৰু কোকৰাঝাৰত চলি আছে।

এই এপটোৰ জৰিয়তে গ্ৰাহকে ৰেষ্টুৰেন্টৰ পৰা নিজৰ পছন্দ অনুযায়ী বিভিন্ন ব্যঞ্জনৰ সোৱাদ ল’ব পাৰে। সেইদৰে কাপোৰ, গেলামালৰ সামগ্ৰী, ফল তথা শাক-পাচলি অনায়াসে নিজৰ ঘৰৰ দুৱাৰমুখত পাব পাৰে।

গ্ৰাহকৰ বাবে অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত কোনো ন্যুনতম মূল্য নিৰ্দ্ধাৰণ কৰা হোৱা নাই যদিও প্ৰতিটো গৃহ যোগানৰ বাবদ ২০ টকাকৈ সামান্য বৰঙণি এটা গ্ৰহণ কৰে।