• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 9:15 am
06-04-18 Guwahati- Asam Sahitya Sabhar Itihas realeased
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘ অসম সাহিত্য সভাৰ ইতিহাস’ গ্ৰন্থখনৰ প্ৰথম খণ্ডটো গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ জয়ন্ত কুমাৰ লখিমী বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত শুকুৰবাৰে বিয়লি উন্মোচন কৰা হয়।

মুঠ চাৰিটা খণ্ডৰ গ্ৰন্থখন প্ৰণয়ন কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। ৮১৯ পৃষ্ঠাৰ প্ৰথম খণ্ডটোত ১৯১৭ চনৰ পৰা ১৯৫০ চনলৈ সভাৰ ইতিহাস সামৰা হৈছে। ১৯৫৩ চনৰপৰা ১৯৭৭ চনলৈ সামৰি দ্বিতীয় খণ্ডটো, ১৯৭৭ৰ পৰা ২০০৩লৈ সামৰি তৃতীয় খণ্ডটো আৰু ২০০৩ৰপৰা ২০১৬ চনলৈ সামৰি চতুৰ্থ খণ্ডটো প্ৰণয়ন কৰা হৈছে।

Apply Now

উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী কয় যে চলিত মাহৰ শেষৰফালে দ্বিতীয় খণ্ডটো উন্মোচন কৰা হ’ব। তেওঁ লগতে কয় যে সাহিত্য সভাই অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বিজ্ঞানসন্মত ইতিহাস প্ৰণয়নৰ কাম কৰি আছে। ইয়াৰে সাতখনৰ কাম ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছে।

আনহাতে, ‘অৰুণোদয়’ কাকতৰ অৱশিষ্টখিনিক লৈ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰণয়ন কৰা এখন গ্ৰন্থও মে’ মাহত প্ৰকাশ কৰা হ’ব।

‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথমটো খণ্ড উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে এতিয়াৰ পৰা  এহেজাৰ বছৰৰ পিছতো অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ইতিহাস অধ্যয়ন কৰিব পৰাকৈ অসমীয়া ভাষাত প্ৰকাশিত প্ৰতিখন গ্ৰন্থ সংৰক্ষণ কৰাৰ বাবে এটা বিশাল জাতীয় গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক এই উদ্যোগত আগভাগ ল’বলৈও তেওঁ আহ্বান জনায়।

বৰগোহাঞিয়ে কয়, ‘’অসমীয়া ভাষা এতিয়া নিশ্চিত সংকটৰ মুখলৈ গতি কৰিছে। অসমীয়া সংস্কৃতি, সাজ-পাৰ, শিষ্টাচাৰ আদি নোহোৱা হৈ পৰিছে। বৰ্তমানৰ অসমীয়া ভাষাৰ অৱস্থালৈ চাই মোৰ এনে লাগে যে এশ বছৰৰ পিছত অসমীয়া ভাষা দোৱান হৈ থাকিব। জ্ঞান অৰ্জন আৰু চৰ্চাৰ মাধ্যম হৈ নাথাকিব।‘’

‘অসম সাহিত্য সভাৰ ইতিহাস’ গ্ৰন্থৰ প্ৰণেতা ডঃ বসন্ত কুমাৰ গোস্বামীয়ে তেওঁৰ ভাষণত কয় যে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ কাৰণে অসম সাহিত্য সভাই কৰা  সংগ্ৰামেই সাহিত্য সভাৰ ইতিহাস।

আনহাতে, সভাৰ সদস্য মহীয়ান সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাৰ নিচিনা শক্তিশালী সংগঠন কোনো ৰাজ্যত নাই। প্ৰতিজন অসমীয়াই সভাক জীয়াই ৰাখিবলৈ কাম কৰিব লাগিব।

অনুষ্ঠানত ভাষণত দি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ জাতীয় জীৱনক আচ্ছন্ন কৰি ৰখা সাহিত্য সভাৰ ইতিহাসে অসমীয়া জাতীয় সত্তাক বিশ্বৰ আগত বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰাত শক্তি যোগাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd