গুৱাহাটীত ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড উন্মোচন

06-04-18 Guwahati- Asam Sahitya Sabhar Itihas realeased

নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘ অসম সাহিত্য সভাৰ ইতিহাস’ গ্ৰন্থখনৰ প্ৰথম খণ্ডটো গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ জয়ন্ত কুমাৰ লখিমী বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত শুকুৰবাৰে বিয়লি উন্মোচন কৰা হয়।

মুঠ চাৰিটা খণ্ডৰ গ্ৰন্থখন প্ৰণয়ন কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। ৮১৯ পৃষ্ঠাৰ প্ৰথম খণ্ডটোত ১৯১৭ চনৰ পৰা ১৯৫০ চনলৈ সভাৰ ইতিহাস সামৰা হৈছে। ১৯৫৩ চনৰপৰা ১৯৭৭ চনলৈ সামৰি দ্বিতীয় খণ্ডটো, ১৯৭৭ৰ পৰা ২০০৩লৈ সামৰি তৃতীয় খণ্ডটো আৰু ২০০৩ৰপৰা ২০১৬ চনলৈ সামৰি চতুৰ্থ খণ্ডটো প্ৰণয়ন কৰা হৈছে।

উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী কয় যে চলিত মাহৰ শেষৰফালে দ্বিতীয় খণ্ডটো উন্মোচন কৰা হ’ব। তেওঁ লগতে কয় যে সাহিত্য সভাই অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বিজ্ঞানসন্মত ইতিহাস প্ৰণয়নৰ কাম কৰি আছে। ইয়াৰে সাতখনৰ কাম ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছে।

আনহাতে, ‘অৰুণোদয়’ কাকতৰ অৱশিষ্টখিনিক লৈ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰণয়ন কৰা এখন গ্ৰন্থও মে’ মাহত প্ৰকাশ কৰা হ’ব।

‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথমটো খণ্ড উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে এতিয়াৰ পৰা  এহেজাৰ বছৰৰ পিছতো অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ইতিহাস অধ্যয়ন কৰিব পৰাকৈ অসমীয়া ভাষাত প্ৰকাশিত প্ৰতিখন গ্ৰন্থ সংৰক্ষণ কৰাৰ বাবে এটা বিশাল জাতীয় গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক এই উদ্যোগত আগভাগ ল’বলৈও তেওঁ আহ্বান জনায়।

বৰগোহাঞিয়ে কয়, ‘’অসমীয়া ভাষা এতিয়া নিশ্চিত সংকটৰ মুখলৈ গতি কৰিছে। অসমীয়া সংস্কৃতি, সাজ-পাৰ, শিষ্টাচাৰ আদি নোহোৱা হৈ পৰিছে। বৰ্তমানৰ অসমীয়া ভাষাৰ অৱস্থালৈ চাই মোৰ এনে লাগে যে এশ বছৰৰ পিছত অসমীয়া ভাষা দোৱান হৈ থাকিব। জ্ঞান অৰ্জন আৰু চৰ্চাৰ মাধ্যম হৈ নাথাকিব।‘’

‘অসম সাহিত্য সভাৰ ইতিহাস’ গ্ৰন্থৰ প্ৰণেতা ডঃ বসন্ত কুমাৰ গোস্বামীয়ে তেওঁৰ ভাষণত কয় যে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ কাৰণে অসম সাহিত্য সভাই কৰা  সংগ্ৰামেই সাহিত্য সভাৰ ইতিহাস।

আনহাতে, সভাৰ সদস্য মহীয়ান সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাৰ নিচিনা শক্তিশালী সংগঠন কোনো ৰাজ্যত নাই। প্ৰতিজন অসমীয়াই সভাক জীয়াই ৰাখিবলৈ কাম কৰিব লাগিব।

অনুষ্ঠানত ভাষণত দি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ জাতীয় জীৱনক আচ্ছন্ন কৰি ৰখা সাহিত্য সভাৰ ইতিহাসে অসমীয়া জাতীয় সত্তাক বিশ্বৰ আগত বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰাত শক্তি যোগাব।