গুৱাহাটীত ‘আধুনিক বিশ্বত বৈদিক ভাৱধাৰাৰ প্ৰভাৱ’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

'অাধুনিক বিশ্বত বৈদিক ভাবধাৰাৰ প্ৰভাৱ' শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰাৰ মুহূৰ্তত অসমৰ ৰাজ্যপাল জগদীশ মুখী

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম চলচ্চিত্ৰ বিত্ত নিগমৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু উজ্জয়িনীৰ মহৰ্ষি বেদ বিদ্যা প্ৰতিষ্ঠান তথা গুৱাহাটীৰ মালিগাঁৱৰ দৰ্শণমৰ সহযোগত ‘আধুনিক বিশ্বত বৈদিক ভাৱধাৰাৰ প্ৰভাৱ’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ যোৱা ৬ জানুৱাৰীত সামৰণি পৰে।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বন্তি প্ৰজ্বলনেৰে আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সমাজ জীৱনত বেদৰ প্ৰভাৱ অপৰিসীম আৰু বৈদিক ভাৱধাৰাৰ দৰ্শন অতীজৰে পৰা বৰ্তমানলৈ প্ৰাসংগিক বুলি উল্লেখ কৰে। ‘’বেদ হৈছে জ্ঞানৰ ভৰাঁল। কলা-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্য, সংগীত, সমৰকলা, বিজ্ঞান, চিকিৎসা,গণিত সকলোতে বেদৰ প্ৰভাৱ বিৰাজমান,’’-এক তথ্যগধূৰ ভাষণত ৰাজ্যপালগৰাকীয়ে এইদৰে কয়।

দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰাজবীৰ শৰ্মাই মুখ্য অতিথিৰ ভাষণ আগবঢ়াই বেদত উল্লিখিত বসুধৈৱ কুটুম্বকম্ শীৰ্ষক আপ্তবাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰি মানৱ অধিকাৰ, নিৰস্ত্ৰীকৰণৰ সৈতে তুলনাত্মক ভাষণ আগবঢ়ায়।

আলোচনা চক্ৰত বিষয়সূচক বক্তৱ্য আগবঢ়ায় কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক সত্যনাৰায়ন চক্ৰৱৰ্তীয়ে।

আলোচনা চক্ৰৰ আয়োজক সমিতিৰ সভাপতি তথা অসমৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মাই বেদ, উপনিষদৰ বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ আগবঢ়ায়।

আলোচনা চক্ৰখনৰ আয়োজক সমিতিৰ আহ্বায়ক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই বেদৰ উল্লেখিত ক্ষানৰ ভাণ্ডাৰেৰে পৰিৱেশ সংৰক্ষণ আৰু বিশ্ব শান্তিৰ কামনা কৰাটো এইধৰণৰ আলোচক্ৰৰ উদ্দেশ্য বুলি কয়।

এই আলেচনা চক্ৰ অনুষ্ঠানতে ড০ সঞ্জীৱ কুমাৰ শৰ্মাৰ সম্পাদনাত আৰু নতুন দিল্লীৰ অভিষেক প্ৰকাশনৰ সহযোগত ‘কালচাৰেল কান্টিনাম’ আৰু অসম বিশ্বিদ্যালয়ৰ অধ্যাপক ড০ বিষ্ণুচৰণ দাসৰ সম্পাদনাত প্ৰকাশিত ‘নিগোচিয়েটিং চাবঅলটাৰ্ণ কনচাচ্নেচ –এ নৰ্থ ইষ্ট পাৰস্পেকটিভ’ গ্ৰন্থ দুখন উন্মোচন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

অসম, ত্ৰিপুৰাকে ধৰি বেনাৰস,বাংগালোৰ বিশ্বিদ্যালয়, নালন্দা, শান্তি নিকেতন আদি ভাৰতবৰ্ষৰ আগশাৰীৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০ গৰাকী অধ্যাপক-অধ্যাপিকাই আলোচনা চক্ৰখনত গৱেষণা পত্ৰ পাঠ কৰে।

আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানটো সঞ্চালনা কৰে গুৱাহাটী বিশ্বিবিদ্যালয়ৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যই। গুজৰাটৰ বিশিষ্ট লেখক কানাইলাল ভাটকে আদি কৰি বিশ্বভাৰতীৰ নিৰঞ্জন জেনা,বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজেন সৰকাৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বীনা গৌড়, বৰোদাৰ মহেশ কালিকাৰে সামৰণি অনুষ্ঠানত সাৰুৱা ভাষণ আগবঢ়ায়।