• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ‘আধুনিক বিশ্বত বৈদিক ভাৱধাৰাৰ প্ৰভাৱ’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 5:39 pm
'অাধুনিক বিশ্বত বৈদিক ভাবধাৰাৰ প্ৰভাৱ' শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰাৰ মুহূৰ্তত অসমৰ ৰাজ্যপাল জগদীশ মুখী

'অাধুনিক বিশ্বত বৈদিক ভাবধাৰাৰ প্ৰভাৱ' শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰাৰ মুহূৰ্তত অসমৰ ৰাজ্যপাল জগদীশ মুখী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম চলচ্চিত্ৰ বিত্ত নিগমৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু উজ্জয়িনীৰ মহৰ্ষি বেদ বিদ্যা প্ৰতিষ্ঠান তথা গুৱাহাটীৰ মালিগাঁৱৰ দৰ্শণমৰ সহযোগত ‘আধুনিক বিশ্বত বৈদিক ভাৱধাৰাৰ প্ৰভাৱ’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ যোৱা ৬ জানুৱাৰীত সামৰণি পৰে।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বন্তি প্ৰজ্বলনেৰে আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সমাজ জীৱনত বেদৰ প্ৰভাৱ অপৰিসীম আৰু বৈদিক ভাৱধাৰাৰ দৰ্শন অতীজৰে পৰা বৰ্তমানলৈ প্ৰাসংগিক বুলি উল্লেখ কৰে। ‘’বেদ হৈছে জ্ঞানৰ ভৰাঁল। কলা-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্য, সংগীত, সমৰকলা, বিজ্ঞান, চিকিৎসা,গণিত সকলোতে বেদৰ প্ৰভাৱ বিৰাজমান,’’-এক তথ্যগধূৰ ভাষণত ৰাজ্যপালগৰাকীয়ে এইদৰে কয়।

Apply Now

দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰাজবীৰ শৰ্মাই মুখ্য অতিথিৰ ভাষণ আগবঢ়াই বেদত উল্লিখিত বসুধৈৱ কুটুম্বকম্ শীৰ্ষক আপ্তবাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰি মানৱ অধিকাৰ, নিৰস্ত্ৰীকৰণৰ সৈতে তুলনাত্মক ভাষণ আগবঢ়ায়।

আলোচনা চক্ৰত বিষয়সূচক বক্তৱ্য আগবঢ়ায় কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক সত্যনাৰায়ন চক্ৰৱৰ্তীয়ে।

আলোচনা চক্ৰৰ আয়োজক সমিতিৰ সভাপতি তথা অসমৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মাই বেদ, উপনিষদৰ বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ আগবঢ়ায়।

আলোচনা চক্ৰখনৰ আয়োজক সমিতিৰ আহ্বায়ক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই বেদৰ উল্লেখিত ক্ষানৰ ভাণ্ডাৰেৰে পৰিৱেশ সংৰক্ষণ আৰু বিশ্ব শান্তিৰ কামনা কৰাটো এইধৰণৰ আলোচক্ৰৰ উদ্দেশ্য বুলি কয়।

এই আলেচনা চক্ৰ অনুষ্ঠানতে ড০ সঞ্জীৱ কুমাৰ শৰ্মাৰ সম্পাদনাত আৰু নতুন দিল্লীৰ অভিষেক প্ৰকাশনৰ সহযোগত ‘কালচাৰেল কান্টিনাম’ আৰু অসম বিশ্বিদ্যালয়ৰ অধ্যাপক ড০ বিষ্ণুচৰণ দাসৰ সম্পাদনাত প্ৰকাশিত ‘নিগোচিয়েটিং চাবঅলটাৰ্ণ কনচাচ্নেচ –এ নৰ্থ ইষ্ট পাৰস্পেকটিভ’ গ্ৰন্থ দুখন উন্মোচন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

অসম, ত্ৰিপুৰাকে ধৰি বেনাৰস,বাংগালোৰ বিশ্বিদ্যালয়, নালন্দা, শান্তি নিকেতন আদি ভাৰতবৰ্ষৰ আগশাৰীৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০ গৰাকী অধ্যাপক-অধ্যাপিকাই আলোচনা চক্ৰখনত গৱেষণা পত্ৰ পাঠ কৰে।

আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানটো সঞ্চালনা কৰে গুৱাহাটী বিশ্বিবিদ্যালয়ৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যই। গুজৰাটৰ বিশিষ্ট লেখক কানাইলাল ভাটকে আদি কৰি বিশ্বভাৰতীৰ নিৰঞ্জন জেনা,বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজেন সৰকাৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বীনা গৌড়, বৰোদাৰ মহেশ কালিকাৰে সামৰণি অনুষ্ঠানত সাৰুৱা ভাষণ আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd