গুৱাহাটীত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিক চ’ৰাৰ নেতৃত্বত মৌন সমদল

অসমত নাৰী নিৰ্য্যাতনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত এই নাৰী নিৰ্য্যাতন ৰোধ কৰাৰ বাবে ৰাজ্যৰ দল-সংগঠনসমূহে আন্দোলন-প্ৰতিবাদ-অৱস্থান ধৰ্মঘট আদি কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ আজি গুৱাহাটী মহানগৰীতো দীঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক মৌন সমদল বাহিৰ কৰে।

দেওবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই মৌনসমদলত ৰাজ্যিক পৰ্য্যায়ৰ সন্মিলন, জিলা পৰ্য্যায়ৰ সন্মিলন আৰু শাখা সন্মিলনে অংশগ্ৰহণ কৰে বুলি জ্যেষ্ঠ নাগৰিক চ’ৰাৰ নেতৃত্বই জানিবলৈ দিয়ে। ৰাজ্যৰ ঢকুৱাখানা, মঙ্গলদৈ, কলিয়াবৰ, নগাওঁ, যোৰহাট, শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা চ’ৰাৰ সদস্যসকলে এই প্ৰতিবাদী মৌনসমদলত অংশগ্ৰহণ কৰে। সংগঠনৰ নেতৃত্বই জনোৱা অনুসৰি মুঠ ২৩৩ গৰাকী প্ৰতিবাদকাৰীয়ে এই মৌন সমদলত অংশগ্ৰহণ কৰে।

তাৰোপৰি জেষ্ঠ্য নাগৰিক চ’ৰাৰ সৈতে সাতসৰী, মাদক দ্ৰব্য নিবাৰণী মঞ্চই সহযোগ কৰে। এই দুয়োটা সংস্থাৰ পৰা প্ৰায় ১৫ গৰাকী প্ৰতিবাদকাৰীয়ে এই মৌন সমদলত অংশগ্ৰহণ কৰে।

এই মৌন প্ৰতিবাদী সমদল কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে প্ৰতিবাদৰ অন্তত অনুষ্ঠিত মুকলি সভাত ভাষণ দি কয় যে ‘বিগত ৩০ বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমত যেনেধৰণে নাৰীৰ ওপৰত নিৰ্যাতন চলিছে, তক ৰোধ কৰাৰ প্ৰতিবাদতে দীঘলী পুখুৰীৰ চাৰিওদিশ মৌন সমদল বাহিৰ কৰা হৈছে। ৰামায়ণ-মহাভাৰতকে ধৰি ভাৰতীয় শাস্ত্ৰ সমূহত নাৰীৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান আৰু কৃতজ্ঞতাৰ কথা উল্লেখ আছে। ভাৰতৰ স্বাধীনতাৰ পিছত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ নাৰীসকলৰ লগতে অসমৰ নাৰীসকলে অগ্ৰণী ভূমিকা পালন কৰিছিল। আধুনিক ভাৰতৰ ৰাজনৈতিক-সাংস্কৃতিক আৰু সাহিত্যৰ ক্ষেত্ৰত ভাৰতীয় নাৰীয়ে যি উৎসাহপূৰ্ণ অবদান আগবঢ়াইছে, তাৰ বাবে ভাৰতীয় নাৰীসমাজ তেওঁলোকৰ ওচৰত  কৃতজ্ঞ।’

লগতে প্ৰতিবাদী সমদলৰ অন্তত সাংবাদিক গৰাকীয়ে কয় যে, ‘’স্কুলীয়া শিক্ষাতে নাৰীসকলক কেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব লাগে সেই বিষয়ক শিক্ষা প্ৰদান কৰিব লাগিব। বছৰৰ পিছত বছৰ ধৰি অপৰাধীৰ বিচাৰ চলি থাকিব নালাগিব। দুমাহৰ ভিতৰত নাৰীৰ অত্যাচাৰৰ বিৰুদ্ধে হোৱা বিচাৰৰ সমাপ্ত হ’ব লাগিব।’

আনহাতে এই প্ৰতিবাদী সমদলৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলা জ্যোষ্ঠ নাগৰিক চ’ৰাৰ সভাপতি ড০ দেবদাস ভড়ালীয়ে কয় যে  নাৰীৰ সন্মান প্ৰদৰ্শন কৰাৰ পৰাই যিকোনো সমাজৰ সংস্কৃতি আৰু সভ্যতাৰ উমান পোৱা যায়।

এই মৌন প্ৰতিবাদী সমদলত বিশিষ্ট সাংবাদিক ড০ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ড০ দেৱদাস ভড়ালী, ড০ অশোক গোস্বামী, মলয় বৰুৱা, মন্দিৰা বৰুৱা, পুষ্পেন্দ্ৰ শইকীয়া, মৃদূলা হাজৰিকা, প্ৰতিভা দেবী শৰ্মা, ড০ ৰবী শৰ্মা, ৰিজু হাজৰিকা উপস্থিত থাকে।

মৌন প্ৰতিবাদী সমদলৰ পিছতে অনুষ্ঠিত হোৱা সভাতে প্ৰতিবছৰে ২৯ এপ্ৰিল দিনটো নাৰী নিৰ্যাতন বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।