গোলাঘাট জিলাৰ খুমটাইত বছৰৰ পহিলা দিনটোত খুমটাই আঞ্চলিক সাংবাদিক সন্থা গঠন কৰা হয়। সোমবাৰে খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত কৰা এখন সভাৰ জৰিয়তে বৃহত্তৰ খুমটাই অঞ্চলৰ সংবাদকৰ্মী সকলক একগোট কৰাৰ উদ্দেশ্যৰে উক্ত সন্থাটো গঠন কৰা হয়। সন্থাটোৰ গঠনৰ ফলত অঞ্চলটোৰ সাংবাদিক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানত সহায়ক হ’ব বুলি আশা কৰা হৈছে। বিনয় ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাখনত বাবুল গগৈক সভাপতি, চন্দন বৰা আৰু চন্দন গগৈক উপ সভাপতি, সাৰঙ্গ তামুলীক সম্পাদক, দীপজ্যোতি তামুলীক সহ সম্পাদক তথা বেদাংগ তামুলীক সাংগঠনিক সম্পাদক হিচাপে লৈ মুঠ ১১ জনীয়া খুমটাই আঞ্চলিক সাংবাদিক সংস্থাটো গঠন কৰা হয়। আনহাতে উক্ত সভাতেই সংগঠনটোয়ে এটা চকু চিকিৎসা শিবিৰৰো আয়োজন কৰে। ইয়াৰ উপৰি অনুষ্ঠানটোত মদ ভাং ড্ৰাগছ আদিৰ বিৰুদ্ধে সচেতনতা সৃষ্টি, দুস্প্ৰাপ্য কেতেকী ফুল সংৰক্ষণ আদিকে ধৰি কেইবাটাও সমাজ সেৱামূলক আঁচনি গ্ৰহণ কৰা হয় ।
গোলাঘাট জিলাৰ খুমটাইত আঞ্চলিক সাংবাদিক সন্থা গঠন
-
By NE NOW NEWS
![](https://assam.nenow.in/wp-content/uploads/2018/01/journalism-1.jpg)
- Categories: অসম
Related Content
ফাঁচী বজাৰত চিলিণ্ডাৰ বিস্ফোৰণ : ১ নিহত আৰু ৮ জন আহত
By
এন ই নাও নিউজ
June 26, 2024 7:53 pm
ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ : আহি গ’ল অত্যাধুনিক AI প্ৰযুক্তি
By
এন ই নাও নিউজ
June 26, 2024 6:29 pm
ডিছপেনিয়া: অলপতে হেপাই-ফেপাই গৈছে! এই ৰোগৰ কাৰণ জানিলে শিঁয়ৰি উঠিব...
By
এন ই নাও নিউজ
June 26, 2024 3:02 pm
পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা; স্পৰ্শ কৰিলে বলৰাম জাখাৰৰ অভিলেখ
By
এন ই নাও নিউজ
June 26, 2024 1:00 pm
গুৱাহাটীৰ সন্ধানহীন ৩ স্কুলীয়া ছাত্ৰীক এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে
By
এন ই নাও নিউজ
June 26, 2024 12:22 pm
অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কেনিয়া; সংঘৰ্ষত ৫জনৰ মৃত্যু, সংসদতো অগ্নিসংযোগ!
By
এন ই নাও নিউজ
June 26, 2024 11:36 am