গোৱালপাৰাৰ কাছাৰী ঘাটত উৰিল ISISৰ কলা পতাকা

31698814_755146881542763_6262459666467389440_n

গোৱালপাৰা জিলাৰ কাছাৰী ঘাটত কলা পতাকা উৰুৱাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱাৰে পৰা অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। গোৱালপাৰা চহৰৰ কাছাৰী ঘাটস্থিত গোৱালপাৰা নগৰ আৰক্ষী চকীৰ পিছফালে থকা নদীৰ পাৰত এডাল গছত উৰিল ISIS চিহ্ন সম্বলিত ছয় খন কলা পতাকা ।

উল্লেখ্য যে প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে আৰবী আখৰ আৰু ইংৰাজীত IS NE বুলি লিখা থকা পতাকা কেইখন গছত উৰি থকা দেখি তৎক্ষণাত আৰক্ষীক অৱগত কৰে। খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পতাকা কেইখন জব্দ কৰে।

চহৰখনত ISISৰ পতাকা উৰুৱা সন্দৰ্ভত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই মত প্ৰকাশ কৰি এয়া কোনো দুষ্ট চক্ৰৰ কাম বুলি জানিবলৈ দিয়ে। এই দুস্কাৰ্যৰ অন্তৰালত জড়িত থকা দুষ্ট চক্ৰক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকজনে।

ইফালে গোৱালপাৰা চহৰৰ নগৰ আৰক্ষী চকীৰ সমীপত উৰুৱা কলা পতাকাৰ ঘটনাক চহৰখনৰ বিভিন্ন দল-সংগঠনে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত চক্ৰক অতি শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনায়।