গোৱালপাৰা আৰক্ষীৰ এক সফলতা। গোপনে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলাই অহা গোৱালপাৰা চহৰৰ চনবাৰীস্থিত এটা ঘাটি আজি আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলযুৰি এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।
জানিব পৰা মতে গোৱালপাৰা আৰক্ষীৰ ওমেন ৰাইডাৰচৰ চাৰিজনীয়া গ্ৰুপ এটিয়ে আজি দিনৰ প্ৰায় ১১ মান বজাত এক অভিযান চলোৱাৰ সময়তে কেইবা হাজাৰ টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
ইপিনে ঘটনাস্থলীত অভিযানকাৰী দলটো উপস্থিত হোৱাৰ লগে লগে নিচাজাতীয় সামগ্ৰীৰ এই বৃহৎ সাম্ৰাজ্য চলায় থকা ব্যৱসায়ী ইণ্টাজুল ইছলাম পলাই যায়।
ওমেন ৰাইডাৰচৰ এই চাৰিজনীয়া দলটিয়ে অভিযানৰ সময়ত চনবাৰীৰ এটি গৃহৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন, তিনিখন চিম আৰু অন্যান্য কিছু আপত্তিজনক নথি পত্ৰ জব্দ কৰে।
আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে সমগ্ৰ গোৱালপাৰা জিলাৰ লগতে নামf অসমৰ কিছু কিছু অঞ্চলত চোৰাংভাবে এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই নিছিল। আনহাতে ইয়াৰ ফলত এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে।