ঘোচ বিচাৰি শিমলুগুৰিত চি বি আইৰ হাতত গ্ৰেপ্তাৰ ৰেইলৱে’ উপ-পৰিদৰ্শক

ৰেইল সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শকক চি বি আয়ে শিৱসাগৰৰ শিমলুগুৰিত গ্ৰেপ্তাৰ কৰে। বিষয়াজনক ঘোচ বিচৰা আৰু ৬৫০০ টকা ঘোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ অনুসৰি বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দিয়া লোকজনৰ এখন ট্ৰাকে শিমলুগুৰিৰ বিহুবাৰী পথৰ ৰেইল ক্ৰছিঙৰ বেৰত খুন্দিয়াইছিল। উক্ত গাড়ীখন মোকলাই দিয়াৰ বাবদ বিষয়াজনে ১০,০০০ টকা ঘোচ বিচৰাৰ অভিযোগত জয় ৰাম নামৰ বিষয়াজনৰ বিৰুদ্ধে পিচি আইন ১৯৮৮ৰ ৭ নং ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

ঘটনাস্থলীত থকা আৰ পি এফ কৰ্মীয়ে উক্ত ট্ৰাকখন জব্দ কৰে বুলিও অভিযোগ কৰা হৈছে। অভিযোগকাৰীয়ে তেওঁৰ গাড়ীখন শিমলুগুৰি থানাৰপৰা মুকলি কৰি আনিবলৈ যাওঁতে উপ-পৰিদৰ্শকজনে ঘোচ দাবী কৰে।

চি বি আইৰ সূত্ৰ অনুসৰি তেওঁলোকে বিষয়াজনক ধৰা পেলাবলৈ জাল তৰে আৰু অভিযোগকাৰীজনৰপৰা ঘোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলায়।

অভিযুক্ত লোকজনৰ ৰাজস্থানৰ জয়পুৰৰ নিজা ঘৰ আৰু মৰিয়নী আৰু শিমলুগুৰিৰ বিভাগীয় বাসগৃ্হত তালাচী চলাই চি বি আয়ে কিছু নথি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আজি গ্ৰেপ্তাৰ হোৱা বিষয়াজনক গুৱাহাটীৰ চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰা হয়।