ঘোলা পানীৰ উৎসৰ সন্ধানত জলসম্পদ মন্ত্ৰীৰ চিয়াং যাত্ৰা

Water resource minister Keshab Mahanta collecting water sample from Bogibeel for testing in Dibrugarh on 12-12-17. Pix by UB Photos

মঙ্গলবাৰে দিনৰ প্ৰায় ১১:৩০ বজাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজধানী এক্সপ্ৰেছেৰে ডিব্ৰুগড়ত উপস্থিত হৈ এটা দলৰ সৈতে  ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চিয়াং অভিমুখে  যাত্ৰা কৰে। জানিব পৰা মতে তেওঁ বগীবিল ঘাটত বহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহ কৰি লুইতৰ বুকুৱেদি এখন বিশেষ নাৱেৰে উত্তৰ পাৰৰ চিমেন চাপৰি আৰু অৰুণাচলৰ পাচিঘাট হৈ চিয়াং অভিমুখে যাত্ৰা কৰে। আনহাতে  চিয়াংত মন্ত্ৰী কেশৱ মহন্তই পানীৰ নমুনা সংগ্ৰহ কৰি হেলিকপ্তাৰ যোগে গুৱাহাটীলৈ পুনৰ উভতি আহিব। ইতিমধ্যে দিল্লীত প্ৰধান মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত  ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱাৰ প্ৰসংগটো বিতংভাবে আলোচনা কৰা হৈছে বুলি এক তথ্যৰ পৰা জানিব পৰা গৈছে।

লক্ষণীয় যে সোমবাৰে গুৱাহাটীত নেদাৰলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পানী পৰীক্ষাৰ বাবে আগ্ৰহী বুলি তেখেতৰ বক্তব্যৰ জৰিয়তে অৱগত কৰিছিল। তদুপৰি অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বহিঃৰাষ্ট্ৰৰ সহযোগ বিচাৰিব বুলি ডিব্ৰুগড়ত জলসম্পদ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি পানী ঘোলা হোৱা বিষয়টোৰ এক চৰজমিন তদন্তৰ বাবে লুইতৰ বুকুৱেদি চিয়াংলৈ যাত্ৰা কৰিছে বুলি কেশব মহন্তই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে জলসম্পদ বিভাগে ৰাজ্যৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহ কৰি থকাৰ লগতে নমুনা পৰীক্ষাৰ কামো পূৰ্ণগতিত চলি আছে আৰু ইয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ দ্বায়িত্ব গ্ৰহণ কৰিব। লগতে তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে এয়া চীনৰ ষড়যন্ত্ৰ নে অন্য কোনো প্ৰাকৃতিক কাৰণৰ ফলত হৈছে সেয়া অতি সোনকালেই উদ্ঘাটন কৰা হ’ব।