চিৰাঙৰ বিজনীত এ টি এম কাৰ্ডেৰে ধন সৰকোৱা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

Untitled

চিৰাং জিলাৰ দুতুৰীৰ এগৰাকী মহিলাৰ এ টি এম কাৰ্ড অতি কৌশলগত পদ্ধতিৰে ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰা দুই প্ৰবঞ্চকক আজি বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত প্ৰৱঞ্চক দুজন জামাল শিকদাৰ আৰু শ্বৰীফ হুছেইন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ধৃত প্ৰৱঞ্চক দুজনে দুতুৰী-বাঘমৰা এল পি স্কুলৰ ৰান্ধনী জহুৰা খাতুনৰ নামত থকা বিজনী এছ বি আই একাউণ্টৰ পৰা খাতুনৰ এ টি এম কাৰ্ড ব্যৱহাৰ কৰি বিগত বহু দিনৰে পৰা ধন আত্মসাৎ কৰি আহিছিল।

মন কৰিবলগীয়া যে ধৃত দুয়োজন প্ৰৱঞ্চক ক্ৰমে জামাল শিকদাৰ দুতুৰী হৰিজন হাইস্কুলৰ চকীদাৰ আৰু শ্বৰীফ হুছেইন একেখন বিদ্যালয়ৰে কাৰ্যালয় সহায়ক বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিনৰ পৰা ঠগ-প্ৰৱঞ্চনাৰ বলি হৈ অহা জহুৰা খাতুনে ঘটনাৰ উমান পাই বিজনী থানাত ২০১/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। আৰু ইয়াৰ পাছতে বিজনী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাত আজি খাতুনৰ এ টি এম কাৰ্ডৰ লগতে কিছু নগদ টকা সহিতে দুয়োজন প্ৰৱঞ্চককে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।