চৰকাৰী কৰ্মচাৰীৰ ধৰ্মঘটৰ বিৰুদ্ধে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই আজি চৰকাৰী কৰ্মচাৰীসকলে যদি ধৰ্মঘট চলাই থাকে তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে।

মিজোৰামৰ সকলো চৰকাৰী কৰ্মচাৰীৰ উমৈহতীয়া সংগঠন ফেডাৰেচন অফ মিজোৰাম গভ্ট এমপ্লইজ এণ্ড ওৱাৰ্কাৰ্ছ (এফ এম জি এণ্ডডব্লিউ) এ আজি দৰমহা বৃদ্ধিৰ দাবীত তিনিদিনৰ সৰ্বাত্মক ধৰ্মঘট আৰম্ভ কৰিছিল।

মিজোৰামৰ জনসাধাৰণলৈ এক বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী লাল থানহাৱলাই ধৰ্মঘটকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে দি ব॥ৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ’লে পেন্সনাৰ আৰু শিক্ষিত নিবনুৱাসকলক চৰকাৰক সেৱা কৰিবৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়।

‘’ আমাৰ চৰকাৰে এনে পৰিস্থিতি এৰাই চলিবলৈ সকলোধৰণৰ প্ৰচেষ্টা হাতত সৈছিল, কিন্তু এফ এম জি এণ্ড ইৰ নেতাসকলে আমাৰ বিনম্ৰ আবেদনক সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিছে আৰু ধৰ্মঘটৰসিদ্ধান্ত গ্ৰহণ কৰি মিজোৰামৰ জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিব কৰিছে যিটো সময়ত আমাৰ সকলোৰে অতি হেঁপাহৰ ধৰ্মীয় উৎসৱ খ্ৰীষ্টমাছ উৎযাপনৰ সময় আহি পৰিছে,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিবৃতিটোত এইদৰে কয়।

লাল থানহাৱলা চৰকাৰে মাত্ৰ কেইদিনমান আগতে ৰাজ্যিক পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ এইচ লিয়ানছেইল’ভাৰ সভাপতিত্বত এখন সমিতি গঠন কৰি ৰাজ্যৰ অৰ্থনীতিৰ লগত সংগতি ৰাখি দৰমহা বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰিব দিছিল।

‘’ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বিষয়টো সমাধান কৰিবলৈ বিচাৰি আছো। নতুনকৈ জিএছটি আৰু বিমুদ্ৰাকৰণে ৰাজ্যৰ অৰ্থনীতিত এক গভীৰ প্ৰভাৱ পেলাইছে আৰু এই সমিতিখনে দৰমহা বৃদ্ধিৰ বিষয়টো  বিবেচনাসহকাৰে চালি জাৰি চাব কিন্তু তেওঁলোকে অপেক্ষা নকৰিলে। ৰাজ্যখনৰ ১১ লাখ মানুহৰ বাবে এই ৫০,০০০ কৰ্মচাৰীয়ে যিটো কৰিব লৈছে সেয়া ভুল,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

‘’আগৰবাৰ চৰকাৰৰ শাসনত মোৰ চৰকাৰে কৰ্মচাৰীৰ দৰমহা চাৰিবাৰ বৃদ্ধি কৰিছিলো। মোৰ চৰকাৰে সদায়েই দৰমহাৰ গাঁঠনি কেন্দ্ৰীয় চৰকাৰৰ হাৰত দিবলৈ চেষ্টা কৰি আহিছো। আমি তেওঁলোকক কেইবাবাৰো আহ্বান জনাইছো, আনকি এখন কমিটিও গঠন কৰি দিছিলো কিন্তু তেওঁলোকে নুশুনিলে,’’—বিবৃতিটোত কোৱা হৈছে।