• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

চৰকাৰী ধন উগ্ৰপন্থীক দিয়াৰ গোচৰত নাগালেণ্ডৰ ৩জন চৰকাৰী বিষয়াক ‘নিয়া’ৰ গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 25, 2018 10:52 pm

2 min read

NIA-678x381

প্ৰতিনিধিত্বমূলক ছবি

69
VIEWS
Share on FacebookShare on Twitter

নেশ্যনেল ইনভেষ্টিগেইশ্যন এজেন্সি, চমুকৈ ‘নিয়া’ৰ গুৱাহাটীৰ কাৰ্য্যালয়ে আজি ডিমাপুৰত নাগালেণ্ডৰ ৩জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে। বিষয়াকেইজনক বিদ্ৰোহী সংগঠন এন এছ চি এন (খাপলাং)ৰ হৈ চৰকাৰী বিভাগবোৰত ধন সংগ্ৰহ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াই ৰুজু কৰা এই সম্পৰ্কীয় গোচৰ RC-01/2016/NIA-GUW ত বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰিছে বুলি সূত্ৰটোৱে জনাইছে।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল ক্ৰমে ক’হিমাস্থিত কৃষি সঞ্চালকালয়ৰ সঞ্চালক জি ইকুটো ঝিমমি, ক’হিমাস্থিত গ্ৰাম্য উন্নয়ন সঞ্চালকালয়ৰ কাৰ্য্যবাহী অভিযন্তা কেতৌজো পেছেই আৰু ক’হিমাৰে নগৰ উন্নয়ন সঞ্চালকালয়ৰ মাণ্ডলিক হিচাপৰক্ষণ বিষয়া চাংটেমচুবা।

নিয়াৰ সূত্ৰই কয় যে এই বিষয়াকেইজনে তেওঁলোকৰ চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি এন এছ চি এন (খাপলাং)ক যথেষ্ট পৰিমাণৰ ধন চৰকাৰী পুঁজিৰ পৰা বৰঙনিৰ হিচাপত যোগান ধৰিছিল। ইয়াৰ জৰিয়তে তেওঁলোক বে-আইনী কাৰ্য্যত জড়িত হৈছিল।

সূত্ৰটোৱে কয় যে বিষয়াকেইজনক ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত এন এছ চি এন (কে),এন এছ চি এন (আৰ), এফ জি এন, এন এন চিকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনক বৃহৎ পৰিমাণৰ চৰকাৰী ধন যোগান ধৰাৰ অপৰাধত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে চৰকাৰী ধন যোগানৰ এই সত্য পোহৰলৈ আহিছিল নিয়াই এক অভিযোগৰ ভিত্তিত ২০১৭ চনৰ ১ জানুৱাৰিত চৰকাৰী নথি-পত্ৰবোৰ পৰীক্ষা কৰোতে। ইয়াৰ ভিতৰত ধন দাবীপত্ৰৰ লগতে ধন লাভ কৰা বুলি দিয়া ৰচিদো আছিল।

নিয়াই লগতে কৈছে যে এন এছ চি এন (কে)ৰ দুজন সক্ৰিয় সদস্য ক্ৰমে এ খেতছু চুমি (ক’হিমা আৰু ডিমাপুৰৰ বিত্তৰ দায়িত্বত থকা) আৰু ভিক্টো শ্বুক এই সন্দৰ্ভত পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্ত দুজনৰ পৰা উদ্ধাৰ কৰা নথি-পত্ৰ আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ পৰা চৰকাৰী বিষয়াই বৃহৎ পৰিমাণৰ ধন দিয়াৰ কথাটো ধৰা পৰে।

নিয়াৰ সূত্ৰটোৱে জনোৱামতে আজি গ্ৰেপ্তাৰ কৰা বিষয়াকেইজনক সোমবাৰে ডিমাপুৰত থকা নিয়াৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব।

নিয়াৰ সূত্ৰটোৱে কয় যে এন এছ চি এন (কে)ৰ সদস্যসকলে স্বয়ম্ভু নেতা ‘ব্ৰিগ’ৰ নিৰ্দেশত ডিমাপুৰ আৰু ক’হিমাত ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙলৈও একেটা গোচৰত দুখনকৈ চমন জাৰি কৰিছিল। চমনৰ জৰিয়তে প্ৰাক্তন মুখ্য মন্ত্ৰীজনক নিয়াৰ নতুন দিল্লীস্থিত কাৰ্য্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল, যিটোৰ ক্ষেত্ৰত অপাগতা প্ৰকাশ কৰি অধিক সময় দিবৰ বাবে জেলিয়াঙে পত্ৰ লিখিছিল।

Recent News

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd