চৰকাৰৰ দ্বাৰা প্ৰতাৰিত ভেন্সাৰ শিক্ষক-কৰ্মচাৰীৰ গোচৰ সন্দৰ্ভত ১০ মে’ত গুৰুত্বপূৰ্ণ সভা আহ্বান

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ ‘পৰিবৰ্তনকামী’ বিজেপি চৰকাৰৰ দ্বাৰাও চূড়ান্তভাৱে প্ৰতাৰিত হৈ আহিছে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ  একাংশ শিক্ষক-কৰ্মচাৰী।

ফলত তেওঁলোকে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে অহা ১০ মে’ত ‘অল আসাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েছন’ নামৰ সংগঠনটোৱে এখন গুৰুত্ব পূৰ্ণ সভা আহবান কৰিছে।

সংগঠনটোৰ সভাপতি আব্দুল হামিদ শিকদাৰ, উপ-সভাপতি ধৰ্মেশ্বৰ বড়ো আৰু সম্পাদক ছফিকুল ইছলাম ভুট্টই এক বিবৃতিৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। বিবৃতিটোত উল্লেখ কৰা অনুসৰি অহা ১০ মে’ত বৰপেটা জিলাৰ হাউলীৰ চণ্ডীবৰুৱা প্ৰেক্ষা গৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা গুৰুত্বপূৰ্ণ সভাখনত গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে বিতংভাৱে আলোচনা কৰা হ’ব। উক্ত সভাত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি কামনা কৰিছে সংগঠনটোৱে।

বিবৃতিটোত লগতে উল্লেখ কৰে যে প্ৰাদেশীকৰণ আইন ২০১১ সংশোধনী ২০১২-১৩ অনুসৰি প্ৰাদেশীকৰণৰ বাবে যোগ্য বিবেচিত শিক্ষানুষ্ঠানসমূহৰ পদসমূহ প্ৰাদেশীকৰণ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনে প্ৰাদেশীকৰণৰ নতুন আইনৰ দোহাই দি শিক্ষক-কৰ্মচাৰীৰ পদসমূহ বিলুপ্তি কৰিব বিচাৰিছে।

আনহাতে পূৰ্বৰ আইন অনুসৰি যোগ্য বিবেচিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ নতুন আইনত সকাহ প্ৰদান কৰাৰ পৰিৱৰ্তে নতুন চৰ্ত আৰোপ কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ পদসমূহ বিলুপ্তি কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰত লিপ্ত  হোৱা বুলিও বিবৃতিটোত অভিযোগ কৰে।

পূৰ্বৰ আইন অনুসৰি, যোগ্য বিবেচিত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্য বিচাৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোচৰটো গুৱাহাটী উচ্চতম ন্যায়ালয়ত তৰা সন্দৰ্ভত প্ৰস্তুতি প্ৰায় সম্পন্ন কৰা বুলি বিবৃতিটোত জনায়।

দহ বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ  শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ পূৰ্বৰ আইন অনুসৰি ২০১৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰু সাত বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ২০১৩ বৰ্ষৰ ১৪ আগষ্টত কাৰ্যকৰী হোৱাকৈ প্ৰাদেশীকৰণৰ সা-সুবিধা প্ৰদানৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।