ছনি টেলিভিশ্যনৰ সংগীতৰ ৰিয়েলিটী শ্ব ‘ইণ্ডিয়ান আইডল’ৰ অডিশ্যন গুৱাহাটীত

indian idol

ব্ৰিটিছ ৰিয়েলিটী শ্ব ‘পপ আইডল’ৰ ভাৰতীয় সংস্কৰণ ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনত সম্প্ৰচাৰিত সংগীতৰ বিখ্যাত ৰিয়েলিটী শ্ব ইণ্ডিয়ান আইডলৰ অডিশ্যন শনিবাৰে পুৱা ৬-৩০ বজাৰ পৰা গুৱাহাটীৰ নেৰিম গ্ৰুপ অব ইন্সটিটিউটত আৰম্ভ হ’ব।

ইণ্ডিয়ান আইডল-১০ নামেৰে ই ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনলৈ প্ৰত্যাৱৰ্তন কৰিব। পূৰ্বৰ সংস্কৰণসমূহত ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনে দেশৰ কেইগৰাকীমান জনপ্ৰিয় সংগীত তাৰকাক আৱিস্কাৰ কৰিছিল। এই শ্বটোৱে লাখ লাখ উৎসাহী গায়ক-গায়িকাক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

‘ইণ্ডিয়ান আইডল’ৰ দশম সংস্কৰণত নেহা কক্কৰ, বিশাল দদলানী, অনু মালিক বিচাৰকৰ আসন অলংকৃত কৰিব।
এই বছৰৰ প্ৰচাৰ অভিযানৰ বাৰ্তা হৈছে ‘খবৰ ফাইলা দো’- এয়া  জয়পু, চণ্ডীগড়, লক্ষ্ণৌ, গুৱাহাটী, ভূৱনেশ্বৰ, ডেৰাডুন, হাইদৰাবাদ, ইন্দোৰ, কলকাতা, দিল্লী আৰু মুম্বাই দেশৰ বিভিন্ন চহৰত থকা অডিশ্যন কেন্দ্ৰসমূহত যুৱ উচ্চাকাংখ্যী গায়ক-গায়িকাসকলক যোগ দান কৰিবলৈ কৰা আহ্বান।