ছুপাৰ কাপ ফুটবল : শ্বিলং লাজঙে ৩-২ ব্যৱধানত পৰাস্ত কৰিলে শক্তিশালী এফ চি পুনে চিটিক

shillong lajong vs pune city fc

ভাৰতীয় ফুটবলৰ নৱতম সংযোজন ছুপাৰ কাপ ফুটবল টুৰ্ণামেণ্টত বুধবাৰে এফ চি পুনে চিটি আৰু উত্তৰ-পূবৰ শক্তিশালী দল শ্বিলং লাজঙৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনা আৰু ৰোমাঞ্চকৰ মেচখন ৩-২ ব্যৱধানত বিজয়ী হয় শ্বিলং লাজং

উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কালিৰ মেচখনত প্ৰথমাৰ্ধত পুনে চিটিয়ে দমনীয় খেল প্ৰদৰ্শন কৰি দুটা গ’ল কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত লাজঙ দলে এক গ’ল কৰে যদিও ২-১ত পিছ পৰিয়েই প্ৰথমাৰ্ধৰ খেল সমাপ্ত পৰে।

কালি অনুষ্ঠিত হোৱা প্ৰী কোৱাৰ্টাৰ পৰ্যায়ৰ মেচখনত প্ৰথমাৰ্ধৰ ঠিক ১৭ মিণিটতে পুনেৰ হৈ জনাথন লুক্কাই প্ৰথম গ’ল কৰে। আৰু ইয়াৰ ঠিক পাঁচ মিণিট পাছতেই পুনেক দ্বিতীয়টো অগ্ৰগতি দিয়ে মাৰ্ছেলিনহোৱে। প্ৰথম ২২ মিণিটতে দুই গ’লৰ অগ্ৰগতি লোৱা পুনে এফ চিক লাজঙৰ হৈ প্ৰথমটো আঘাত দিয়ে আব্দুল্লায়ে কফ্ফীয়ে। লাজঙৰ হৈ এই গ’লটো আহে ২৯ মিণিটত।

মেচখনৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে অধিক আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নামে আৰু নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। মেচৰ ৬১ মিণিটত লাজঙৰ হৈ ৰাকেশ প্ৰধানে সমতাসূচক গ’লটো পৰিশোধ কৰে।

উল্লেখ্য যে মেচখন অধিক ৰোমাঞ্চকৰ হৈ পৰে যেতিয়া মেচখনৰ অতিৰিক্ত সময়ৰ দুই মিণিট যোৱাত লাজঙে তৃতীয়টো গ’ল কৰে। লাজঙৰ হৈ চেমুৱেলে তৃতীয়টো গ’ল কৰাৰ লগে লগেই লাজঙে অভিজ্ঞ ক্লাব পুনে চিটিক পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইফালে পুনে চিটিৰ অধিনায়ক মাৰ্ছেলিনহো মেচৰ দ্বিতীয়খন হালধীয়া কাৰ্ড পায় খেলপথাৰ পৰিত্যাগ কৰিবলগীয়া হোৱাত মেচখনৰ বাকী সময় পুনে চিটিয়ে ১০ গৰাকী খেলুৱৈৰ দ্বাৰাই অতিবাহিত কৰে।

উল্লেখ্য যে বৰষুণৰ ফলত খেলৰ বাবে অনুপযোগী হোৱা কালিংগা ষ্টেডিয়ামত প্ৰথমাৰ্ধৰ ২৯ মিণিটৰ ভিতৰতে তিনিটাকৈ হোৱা গ’লে উপস্থিত থকা দৰ্শকক বেছ আমোদ দিয়ে।

আনহাতে ছুপাৰ কাপ ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণৰ কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজঙৰ সন্মুখত প্ৰত্যাহ্বান জনাব মোহন বাগান দলে।