বস্তু আৰু সেৱা কৰ আৰম্ভ হোৱাৰ পিছৰে পৰা মেঘালয়ৰ ব্যৱসায় তথা বেআইনী লেনদেনত ব্যাপক প্ৰভাৱ পৰিছে আৰু লগতে মুদ্ৰাস্ফিতিও ব্যাপক পৰিমাণে হ্ৰাস পাইছে। জি এছ টি সম্পৰ্কে কালি দিনযোৰা চলা এক কৰ্মশালাত কৰ অধিক্ষক মাং পাৰিয়টে কয়- এই নতুন আইন প্ৰনয়ণ কৰৰ ফলত সৰ্ব সাধাৰণ লোক উপকৃত হোৱাৰ উপৰি বেপাৰ বাণিজ্যও সুন্দৰ ভাবে চলি আছে।
উল্লেখনীয় যে জি এছ টি প্ৰয়োগ কৰাৰ ফলত নৱেম্বৰ মাহলৈ মেঘালয়ত মুঠ ২৬৬.৪৬ কোটি টকা ৰাজহ কেন্দ্ৰীয় শুল্ক আৰু আবকাৰী পৰিষদে সংগ্ৰহ কৰিছে। আগষ্ট মাহতে অকলে ৭৭.৫ কোটি টকা ৰাজহ সংগ্ৰহ কৰা বুলি উক্ত পৰিষদৰ সহ:আয়ুক্ত এ এম পলে জনায়। উক্ত অনুষ্ঠানতে পলে কয় যে জি এছ টি প্ৰয়োগ কৰাৰ ফলত ব্যৱসায়ী সকল কোনো অসুবিধা নোপোৱাকৈ লেনদেন কৰি আছে আৰু তেওঁলোকে এই প্ৰক্ৰিয়াত বহু সুখী। আৰু যি সকল ব্যৱসায়ীয়ে এই প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছিল তেওঁলোকেও এতিয়া এই প্ৰক্ৰিয়াত লাহে লাহে চামিল হৈ আছে। আনহাতে পৰিকল্পনা সচিব বি দি আৰ তিৱাৰীয়ে একেটা অনুষ্ঠানতে উপস্থিত থাকি কয় জি এছ টিৰ বাবে চৰকাৰী বিভাগ সমূহৰ যথেষ্ট উন্নয়ন হৈছে।