• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জীৱনজোৰা সাহিত্য সাধনা’ সন্মান প্ৰদান সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 8:46 am
শশী শৰ্মা
446
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাই ‘জীৱনজোৰা সাহিত্য সাধনা’ সন্মান প্ৰদান কৰিলে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক। শুকুৰবাৰে আবেলি নলবাৰীৰ জাপাৰকুছিত থকা সাহিত্যিকগৰাকীৰ নিজ গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই বঁটা প্ৰদান কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত সাহিত্যিক গৰাকীক গামোচা, চেলেং চাদৰ, জাপি, অসম সাহিত্য সভাৰ স্মাৰক, মানপত্ৰ আৰু কিতাপৰ  টোপোলাৰে সন্মান প্ৰদান কৰা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি সাহিত্যিক শশী শৰ্মাই কয় যে সাহিত্য সভাৰ মৌলিক লক্ষ্য ৰক্ষা কৰিব লাগিব বা উত্তৰোত্তৰ বৃদ্ধি হলেহে মৰ্যদা লাভ কৰিব। অসম সাহিত্য সভা অসমৰ প্ৰাচীনতম সাংস্কৃতিক অনুষ্ঠান। তদুপৰি সকলোৱে মিলি ইয়াক আগবঢ়াই নিব লাগিব বুলিও দোহাৰে বৰেণ্য  সাহিত্যিক শৰ্মাই। আনহাতে সভাখন সঞ্চালন কৰা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ভাষন প্ৰসংগত কয় যে সাহিত্য সভাই শশী শৰ্মাক এই সন্মান বিগত পাচঁ বছৰ আগেয়ে প্ৰদান কৰিব লাগিছিল। লগতে পৰমানন্দই শৰ্মাৰ পৰামৰ্শ সাহিত্য সভাই  মানি চলিব বুলিও কয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা,  সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ গোবিন্দ মেধি, ডঃ ৰবীন দাস, জিলা সাহিত্য সভাৰ বিষয়ববীয়া গোবিন্দ কলিতা, সমীন্দ্ৰ মহন্ত, অতুল শৰ্মা, আৰতী বৈশ্য, দীপালিমা দত্ত, ডাঃ সমৰ তালুকদাৰ, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। শেষত সাংবাদিক মজিবুৰ ৰহমানে শলাগৰ শৰাই জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ‘ছোভিয়েট দেশ বঁটা’ বিজয়ী, অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মালৈ অসম সাহিত্য সভাই  ২৬, ২৭ ডিচেম্বৰত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বছৰজোৰা শতবৰ্ষীয় সামৰণী অনুষ্ঠানৰ মুকলি সভাত সাহিত্যিক গৰাকীক ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd