জে পি চিৰ সন্মুখত নেছ’ৰ সবল যুক্তি : ‘কিং মেকাৰ’ হ’ব বিচাৰিছে বিদেশী

10-05-18 Shillong- JPC Citizen Amendment Bill (5)

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সম্পৰ্কত বৃহস্পতিবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শুনানিত সংসদৰ যুটীয়া সমিতিৰ সন্মুখত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠন নেছ’ৱে বিধেয়কখনৰ বিৰোধিতা কৰি সবল যুক্তি উত্থাপন কৰে।

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ সলনি সমিতিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈহে নেছ’ৱে দাবী কৰে।

নে’ছ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে নে’ছৰ উদ্যোগত আছুকে ধৰি ৮টা সংগঠনে সন্মিলিতভাৱে বিধেয়কখনৰ বিৰুদ্ধে মতামত আগবঢ়াইছে। নে’ছৰ অধ্যক্ষ চেমুৱেল জেৰৱা, সম্পাদক প্ৰধান চিনাম প্ৰকাশ আৰু নে’ছৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে শুনানিত আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত আছিল।

নে’ছৰ ২৮ জনীয়া দলটোক খাচী ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, নগা ছাত্ৰ ফেডাৰেশ্যন, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন, মিজো জিলা পল, সদৌ অৰুণাচল ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত আছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা সংগঠনে বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি যুক্তি দিয়ে।

ড০ ভট্টাচাৰ্যই কয় যে বৃহস্পতিবাৰে শ্বিলঙত নেছ’ৰ (৮খন ৰাজ্যৰ ছাত্ৰ সংগঠনসহ) লগতে ১১টা সংগঠনে শুনানিত অংশগ্ৰহণ কৰিছে। আৰু সকলো সংগঠনে বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰিছে।

আছুৰো মুখ্য উপদেষ্টা পদত থকা ড০ ভট্টাচাৰ্যই জানিব দিয়ে যে বিধেয়কখন গ্ৰহণ কৰিলে ত্ৰিপুৰাৰ দৰে অসম বাংলাদেশীৰ গ্ৰাসত পৰিব। সেয়ে ১৯৭১ চনৰ পিছত হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো বিদেশীৰ বোজা অসম তথা পূৰ্বোত্তৰে গ্ৰহণ নকৰে বুলি নেছ’ৱে স্পষ্ট কৰি দিছে।

ড০ ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে জৱাহৰলাল নেহৰুৱে অসমত শৰণাৰ্থী জাপি দিব বিচৰাৰ সময়ত বিষ্ণুৰাম মেধি আৰু গোপীনাথ বৰদলৈয়ে কেনেদৰে  অসমৰ  অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিছিল সেয়াও ব্যাখ্যা কৰা হৈছে। সমিতিক তথ্য সহকাৰে জনোৱা হৈছে যে উচ্চতম ন্যায়্যলয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়েও ব্যাপকভাৱে বাংলাদেশীৰ আগ্ৰাসনে আভ্যন্তৰিক আৰু ৰাজনৈতিকভাৱে অঞ্চলটোত সংকটৰ সৃষ্টি কৰিছে। বিদেশী ‘কিং মেকাৰ’ হ’ব বিচাৰিছে। এনেবোৰ তথ্যৰে ১৯৭১ চনৰ পিছত অহা বিদেশীক নাগৰিকত্ব দিয়াৰ বিৰুদ্ধাচৰণ কৰা হৈছে।

নে’ছৰ যুক্তি শুনাৰ পিছত বিদেশীয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা বিষয়টো সমিতিয়ে অনুধাৱন কৰিছে বুলি ভট্টাচাৰ্যই কয়। তেওঁলোকে প্ৰতিবেদনত এই বিষয়বোৰৰ কথা উত্থাপনৰ প্ৰতিশ্ৰুতি দিছে।