জোনাইত পথ দুৰ্ঘটনাত ৯ বছৰীয়া শিশুৰ মৃত্যু

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অধীনৰ গালী বৰবালিত আজি দিনৰ প্ৰায় ১১ বজাত এক শোকাকুল পথ দুৰ্ঘটনা সংঘটিত হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত উক্ত দুৰ্ঘটনাটোত এজন ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ ফলত গোটেই অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

প্ৰাপ্ত খবৰ অনুসৰি লাইমেকুৰী নিবাসী হৰিশ সোনোৱালৰ ৯ বছৰীয়া পুত্ৰ তাকাৰ সোনোৱালে মাকৰ লগত গালী বৰবালি স্থিত নিজ মোমায়েকৰ ঘৰলৈ গৈ আছিল।আনহাতে মাক- পুতেক দুয়ো বৰবালি তিনিআলিত মেজিক গাড়ীৰ পৰা নামি ৰাস্তা পাৰ হ’ব খোজাৰ সময়তে ইটানগৰৰ পৰা পাছিঘাট অভিমুখে তীব্র বেগেৰে গৈ থকা এ আৰ ০৯ এ ৮৭২৫ নম্বৰৰ উইংগাৰ গাড়ীখনে খুণ্ডা মাৰে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে উইংগাৰখনে তাকাৰ সোনোৱালক প্ৰায় ২০ মিটাৰ দূৰলৈ মহতিয়াই নিয়াৰ ফলত শিশুটোৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই উইংগাৰ চালকজন গাড়ীসহ পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে জোনাই আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৰ লেকুৰ পৰা চালক বিহীন অৱস্থাত উইংগাৰ গাড়ী খন উদ্ধাৰ কৰে। আনহাতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ স্বৃতি হোৱাৰ লগতে স্থানীয় ৰাইজে প্ৰায় এক ঘন্টা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাখে।পিছত অৱশ্যে জোনাই আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে বুলি জানিব পৰা গৈছে।