জ্যেষ্ঠজনলৈ ওলগ : অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে

IMG-20180415-WA0033-01

অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে আজি বিশ্বনাথৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি, নাগৰিক আৰু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থৰ ঘৰলৈ গৈ বিহুৰ ওলগ জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।

আজি ব’হাগ মাহৰ প্ৰথম দিনটোত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সদস্যসকলৰ এই প্ৰশংসনীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। সদস্যসকলে জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদো গ্ৰহণ কৰে।

আনহাতে তেওঁলোকে কেইবাজনো প্ৰশাসনিক বিষয়াকো সম্বৰ্ধনা জনায়।

আজি নিচেই পুৱাৰ পৰা আৰম্ভ হোৱা এই সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচীত জিতেন ভাগৱতী, তৰুণ শইকীয়া, কুশ কোঁচ, উমাচৰণ বৰা, নৰেন ভট্ট, শংকৰ প্ৰসাদ গুপ্তা, স্বৰ্ণ হাজৰিকা, কনকলতা নেওগ, সত্যৱতী বৰা, ঋষভ হাজৰিকা, বিদ্যুৎ শৰ্মা, অকণ শইকীয়াকে ধৰি বহুকেইজন জ্যেষ্ঠ ব্যক্তি তথা নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে চিত্ত শইকীয়া, অমৃত হাজৰিকা, দীপ শইকীয়া, লাচিত শইকীয়া, অচ্যুত চুতীয়া, পৰাগ শইকীয়া, দ্বীজেন মহন্ত, খনীন্দ্ৰ শইকীয়া, ৰঞ্জু বৰুৱা, জিতু বৰা, অঞ্জন বৰা(সোণটি), দীপক ডেকাকে ধৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থকো বিহুৰ ওলগ তথা সম্বৰ্ধনা জ্ঞাপন কৰে পৰিষদৰ সদস্যসকলে। তেওঁলোকে প্ৰাক্তন সতীৰ্থসকলৰ সৈতে অনাগত দিনত পৰিষদক সঠিক দিশত আৰু শক্তিশালীভাৱে আগ বঢ়াই নিয়াৰ বিষয়েও আলোচনা কৰে।

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, ৰেইঞ্জাৰ প্ৰাঞ্জল বৰুৱাকে ধৰি বিভিন্ন প্ৰশাসনিক বিষয়া-কৰ্মচাৰীকো আঞ্চলিক সমিতিখনে বিহুৰ ওলগ জ্ঞাপন কৰে।

দুপৰীয়া ১ বজাৰ পৰা বিশ্বনাথৰ উত্তৰ কমাৰ গাওঁ, দীঘলী পুখুৰী, হাইদাবাৰী, সাঁকোমঠা আদি অঞ্চলত কণ কণ শিশুসকলৰ মাজত খাদ্য সামগ্ৰী আৰু শিক্ষাৰ সহায়ক সামগ্ৰী বিতৰণ কৰা হয়।উক্ত কাৰ্যসূচীত বিশ্বনাথ চাৰিআলি  আঞ্চলিক সমিতিৰ সভাপতি ঈশানপ্ৰতিম শইকীয়া, সাধাৰণ সম্পাদক পাৰ্থ দাস, ৰূপম মহন্ত, বাসৱ বাৰূৱতী, মানস বৰা, ধনটি দত্ত, মৃত্যুঞ্জয় সন্যাল, দিব্যজোতি বৰা, কল্পজ্যোতি বৰা, মৃণাল শৰ্মা, সুমন্ত হাজৰিকা, ত্ৰিদিপ বৰা, জ্যোতিষ্মান বৈশ্য, ৰজত মুখাৰ্জী, যুৱৰাজ কটোৱাল, তুহিন ভূঞা, পাৰ্থপ্ৰতিম দাস, ত্ৰিনয়ন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।