টিলু গুৰুঙক আগবঢ়ালে ছিকিম বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান

best-legislator-570x320 (1)

২০১৭-১৮ বৰ্ষৰ ছিকিম বিধানসভাৰ শ্ৰেষ্ঠ বিধায়ক ৰূপে নিৰ্বাচিত হৈছে নামঠাং-ৰাটেইপানী সমষ্টিৰ বিধায়ক টিলু গুৰুং। বৃহস্পতিবাৰে ৰাজ্যখনৰ গেংটকস্থিত চিন্তন ভৱনত ছিকিম বিধানসভা সচিবালয়ে আয়োজন কৰা এক বৰ্ণাঢ্য কাৰ্যসূচীত বিধায়ক টিলু গুৰুঙক বছৰটোৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মানেৰে সন্মানিত কৰে।

বিধায়ক টিলু গুৰুঙক পুৰস্কাৰ হিচাপে নগদ দুই লাখ টকা আৰু এখন ৰূপৰ স্মাৰক প্ৰদান কৰা হয়। উল্লেখ্য যে ছিকিমত ২০১৬ চনৰ পৰা শ্ৰেষ্ঠ বিধায়কৰ সন্মান আগবঢ়াই আহিছে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰীনিবাস পাটিল, ছিকিম বিধানসভাৰ অধ্যক্ষ কে এন ৰায়, প্ৰাক্তন অধ্যক্ষ ছোনাম জ্ঞাতছো লেপছাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

২০১৭-১৮ বৰ্ষৰ বিধানসভাৰ শ্ৰেষ্ঠ বিধায়কৰ সন্মান লাভ কৰা বিধায়ক টিলু গুৰুঙক ৰাজ্যপাল পাটিলে শুভেচ্ছা জনোৱাৰ লগতে কৃতকাৰ্যতা লাভ কৰিবলৈ কৰ্ম কৰি যোৱাটো নিতান্তই প্ৰযোজনীয় বুলি উল্লেখ কৰে। তেওঁ লগতে সকলোকে ইয়াৰ বাবে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

বছৰটোৰ শ্ৰেষ্ঠ বিধায়কক সন্মানিত কৰাৰ উদ্দেশ্যে বিধানসভাৰ অধ্যক্ষ আৰু বিধানসভাৰ কৰ্মকৰ্তাই আৰম্ভ কৰা এনে কাৰ্যক ৰাজ্যপালগৰাকীয়ে শলাগ লয়।

তেওঁ লগতে ৰাজ্যখনত বিগত কিছু বছৰৰ পৰা উন্নয়নৰ গতি ত্বৰাণ্বিত হোৱা বুলিও উল্লেখ কৰে। তাৰোপৰি সৰ্বসাধাৰণ ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰাৰ লগতে উন্নয়নৰ গতি স্তব্ধ নকৰিবলৈ জনসাধাৰণৰ প্ৰতিনিধিসকলক আহ্বান জনায়।

আনহাতে এই অনুষ্ঠানতে বিধানসভাৰ অধ্যক্ষ কে এন ৰায়েও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে লোকসভাৰ সচিয়ালয়ে প্ৰস্তুত কৰি উলিওৱা ‘আৱাৰ কনষ্টিটিউশ্যন’ শীৰ্ষক ডকুমেণ্টৰী ফিল্ম এখন প্ৰদৰ্শন কৰা হয়।