‘টিল উই মিট এগেইন পৰাগ’- এক শ্ৰদ্ধাঞ্জলি, নতুন প্ৰজন্মৰ বাবে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ এক পৰিচয় : পৰিচালক

Parag-Kumar-Das-570x320

পৰাগ কুমাৰ দাস

এগৰাকী সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী  পৰাগ কুমাৰ দাসৰ জীৱনৰ ওপৰত হিমজ্যোতি তালুকদাৰে নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘টিল উই মিট এগেইন পৰাগ’ত দৰ্শকে তেওঁৰ চৰিত্ৰৰ কিছু দিশৰ বিষয়ে জানিব পাৰিব কিন্তু সম্পূৰ্ণভাৱে ইয়াত নাপাব।

হিমজ্যোতিয়ে নৰ্থ ইষ্ট নাওৰ আগত কয় যে তথ্যচিত্ৰখন এক শ্ৰদ্ধাঞ্জলি মাত্ৰ আৰু যোৱা ২৪ তাৰিখে তেওঁ জন্ম বাৰ্ষিকীত মুকলি কৰা হয়।

সেইদিনাখনেই, তেওঁৰ হত্যাকাৰীক বিচাৰি উলিয়াই উপযুক্ত ন্যায়ৰ আশা পালি ৰৈ থকা পৰাগ দাসৰ ৮৪ বছৰীয়া মাতৃৰ মৃত্যু হৈছিল।

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত পৰাগ দাসৰ জন্ম হৈছিল আৰু ১৯৯৬ চনৰ ১৭ মে’ত ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰিছিল।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ (মাছ) প্ৰতিষ্ঠাপক তথা নেতৃত্ব দিয়া ব্যক্তিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ শোষণ, ৰাজ্য প্ৰশাসনৰ অৰাজকতা সৃষ্টি কৰা আদি বিষয়ত কঠোৰ সমালোচনা কৰি প্ৰৱন্ধ লিখিছিল আৰু আনকি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি ভাৰতৰ পৰা বিছিন্ন হৈ নিজৰ সম্পদৰ ওপৰত দখন সাৱ্যস্ত কৰাৰ বাবে গণ আন্দোলনৰ আহ্বান জনাইছিল।

৩০ মিনিটৰ এই তথ্যচিত্ৰখন তেওঁৰ নিকট সানিধ্যৰ ব্যক্তিসকলৰ বৰ্ণনাৰে সমৃদ্ধ আৰু ইউ টিউবত আপলোড কৰা হৈছে। ইয়াৰ লিংকটো হৈছে  https://youtu.be/1uNH-9niXPc.

তথ্যচিত্ৰখনে পৰাগ দাসৰ সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ সৈতে সম্পৰ্কৰ উৰা বাতৰি, পত্নী আৰু সন্তানৰ সৈতে তেওঁৰ সম্পৰ্ক, গুৱাহাটী ষ্টক এক্সচেঞ্জৰ আকৰ্ষণীয় চাকৰি বাদ দি কিহে তেওঁক কলম হাতত তুলিবলৈ অনুপ্ৰাণিত কৰিলে ইত্যাদি বিষয়সমূহ স্পৰ্শ কৰিছে।

হিমজ্যোতিৰ সহকাৰী হিচাপে কাম কৰা শাক্য শামিকে কয় যে তথ্যচিত্ৰখনৰ বাবে বিত্তৰ যোগান ধৰা পৰিয়ালটোৱে স্পৰ্শকাতৰ বিষয়সমূহ দাঙি ধৰাটো বিচৰা নাছিল আৰু একে সময়তে তেওঁলোকে ৰাইজে তেওঁৰ বিষয়ে জনাটো বিচাৰিছিল।

‘’এয়া এক শ্ৰদ্ধাঞ্জলি মাত্ৰ, পৰৱৰ্তী প্ৰজন্মক মানুহজনক চিনাকি কৰি দিয়া। তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ পৰিয়ালটোৰ এক পদক্ষেপ,’’- হিমজ্যোতিয়ে কয়।

তথ্যচিত্ৰখনৰ ইংৰাজী ধাৰাভাষ্য আগবঢ়াইছে ৰিকী শৰ্মাই আৰু সকলোৱে ভালকৈ বুজিব পৰাকৈ আৰু ব্যাপক দৰ্শকক আকৰ্ষিত কৰিবলৈ  ইংৰাজীত ছাব টাইট’ল লিখিছে অৱনিৱেশ শৰ্মাই।