ট্ৰাইফেডে অসমত খুলিব এহেজাৰ ক্ৰয় কেন্দ্ৰঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ‘আদি মহোৎসৱ’

২০১৮ ৰ ৪ জানুৱাৰীত অসম চৰকাৰ আৰু ট্ৰাইফেডৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেডে প্ৰথমবাৰৰ বাবে অসমৰ পৰা লঘু বনজ সম্পদ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাইফেডৰ পৰিচালক সঞ্চালক প্ৰবীৰ কৃষ্ণ আৰু অসম চৰকাৰৰ মাজত শনিবাৰে অনুষ্ঠিত হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ পিছত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ট্ৰাইফেডৰ পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে ট্ৰাইফেডে অসমৰ পৰা ন্যুনতম সমৰ্থিত মূল্যত লঘু বনজ দ্ৰব্য ক্ৰয় কৰিব। সংস্থাটোৱে লঘু বনজ দ্ৰব্যৰ উপৰি আদিবাসী জনজাতীয় লোকসকলে উৎপাদন কৰা হস্তশিল্পজাত সামগ্ৰীও ক্ৰয় কৰিব আৰু তেওঁলোকক বজাৰৰ লগত সম্পৰ্কিত কৰি তুলিব।

ট্ৰাইফেডে এনেদৰে লঘু বনজ সম্পদ ক্ৰয় কৰা অসম দেশৰ ভিতৰত একবিংশতিতম ৰাজ্য হ’ব। অসমৰ বনাঞ্চলত পোৱা তেতেঁলি, বেল, মৌ, ঝাৰু গছ, শালপাত, লা, কালমেঘ, নিম বীজ আদি ক্ৰয় কৰা হ’ব।

গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটক জড়িত কৰি অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰা হ’ব। ক্ৰয় কৰা কেঁচা সামগ্ৰীসমূহ সংসাধন কৰি মূল্য সংযোজন কৰাৰ বাবে ৰাজ্যখনৰ এহেজাৰ স্থানত একোটাকৈ ক্ৰয় কেন্দ্ৰ তথা মূল্য সংসাধন কেন্দ্ৰ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পুঁজি আগবঢ়াব।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰো সচিব কৃষ্ণই জানিব দিয়ে যে ট্ৰাইপেড বন বিভাগ আৰু হস্ততাঁত ও বস্ত্ৰ বিভাগৰ সৈতেও বুজাবুজিৰ চুক্তি কৰিব। এই চুক্তিৰ অধীনত ট্ৰাইফেডৰ ব্ৰেণ্ড ট্ৰাইবছ ইণ্ডিয়াৰ সামগ্ৰী বন আৰু হস্ততাঁত ও বস্ত্ৰ বিভাগৰ জৰিয়তে আৰু তেওঁলোকৰ সমাগ্ৰীসমূহ ট্ৰাইফেডৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।

ট্ৰাইফেডে উত্তৰ পূৰ্বাঞ্চলত ২৫ টা খুচুৰা কেন্দ্ৰ স্থাপন কৰিব। ইয়াৰে তিনিটা স্থাপন কৰা হ’ব গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত এটা, হস্ততাঁত বিভাগৰ অধীনৰ প্ৰাগজ্যোতিকা আৰু পূৰ্বশ্ৰী শ্ব’ৰুমত একোটাকৈ কেন্দ্ৰ স্থাপন কৰা হ’ব। নতুন বছৰৰ ১৫ ফেব্ৰুৱাৰীত কেন্দ্ৰ কেইটা মুকলি কৰা হ’ব।

আদিবাসী জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰী, তেওঁলোকৰ কলা-সংস্কৃতি আৰু খাদ্যসম্ভাৰক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ গুৱাহাটীত ট্ৰাইফেডে অনুষ্ঠিত কৰিব ‘আদি মহোৎসৱ’ শীৰ্ষক এক উৎসৱ। এই উৎসৱত দেশৰ ২৫০ গৰাকী শ্ৰেষ্ঠ জনজাতীয় কলাকাৰৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী তথা প্ৰদৰ্শন কৰা হ’ব বুলি সচিব কৃষ্ণই জানিব দিয়ে।