ডকমকাৰ নাৰকীয় কাণ্ডৰ এমাহ সম্পূৰ্ণ : ন্যায় বিচাৰি মহানগৰীৰত প্ৰতিবাদী চাইকেল ৰেলী

ডকমকাৰ নাৰকীয় আৰু জঘন্য কাণ্ডৰ আজি এমাহ সম্পূৰ্ণ কৰিলে। ডকমকা কাণ্ডৰ ন্যায় বিচাৰি মহানগৰীত ৰাতিপুৱাই বিশাল প্ৰতিবাদী চাইকেল ৰেলী উলিওৱা হয়। দীঘলীপুখুৰীৰপাৰৰ পৰা উলিওৱা এই চাইকেল ৰেলীত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰীসকলে নৃশংস ঘটনাটোত জড়িত দোষীৰ উচিত শাস্তিৰ দাবী কৰাৰ লগতে বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰেই সমাপ্ত কৰাৰ দাবী তোলে।

উল্লেখোগ যে যোৱা ৮ জুনত ডকমকাৰ পাণজুৰিত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ উন্মত্ত ৰাইজে নৃশংস আৰু বৰ্বৰতাৰে হত্যা কৰিছিল গুৱাহাটীৰ প্ৰতিভাৱান যুৱক নীলোৎপল দাস আৰু অভিজিত নাথক।

আৰক্ষীয়ে এই পৰ্যন্ত ডকমকা কাণ্ডৰ লগত জড়িত ৪৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ডকমকা-কাণ্ডৰ মূল অভিযুক্ত তথা পূৰ্বেও  হত্যাকাণ্ডত অভিযুক্ত ‘আলফা’ ওৰফে জৰ্জ তিমুঙে আৰক্ষীৰ আগত কিছুমান চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল।

কাৰ্বি আংলঙৰ কাংথিলাংছ’ত নীলোৎপল আৰু অভিজিতৰ সৈতে কোনো কথাত তৰ্কত লিপ্ত হৈছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত জৰ্জ তিমুং। তৰ্ক লাগি থাকোতেই তিমুঙে বন্ধুবৰ্গক সেই স্থানলৈ মাতিছিল। পৰিস্থিতি বেয়া দেখি সেই স্থান পৰিত্যাগ কৰিছিল নীলোৎপল আৰু অভিজিতে।

ইপিনে ‘আলফা’ৰ নিৰ্দেশত তেওঁলোকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰিছিল একাংশ লোকে। ইয়াৰ পিছতো একাংশ যুৱকে বাইকেৰে অনুসৰণ কৰে নীলোৎপল–অভিজিতক। ক্ষুব্ধ তিমুং প্ৰতিশোধপৰায়ণ হৈ পৰিছিল। তেওঁ শিশু অপহৰণ কৰি এখন গাড়ী পলায়ন কৰা বুলি ফোন কৰি ওচৰৰ গাঁৱত মিছা খবৰ বিয়পাই দি সাধাৰণ লোকসকলক ত্ৰাসিত কৰি নীলোৎপলহঁতৰ ওপৰত প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ কৰে।

‘আলফা’ৰ ফোন পাইয়ে একাংশ অন্ধবিশ্বাসী লোকে নীলোৎপল আৰু অভিজিতক আবদ্ধ কৰাৰ পিছত দুয়োকে উন্মত্ত লোকসকলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।  আৰক্ষীৰ জেৰাত এইবোৰ কথা স্বীকাৰ কৰিছে ‘আলফা’ই।