ডি এইচ্ছ ডিৰ লগত চৰকাৰে স্বাক্ষৰ কৰা এম অ’ এছ বাস্তৱায়নৰ দাবী জনালে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে

DHD

মুখ্য মন্ত্ৰীক স্মাৰকপত্ৰ দিছে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে।

পাৰ্বত্য ডিমা হাচাও জিলাৰ ভংগ কৰি দিয়া বিদ্ৰোহী সংগঠনৰ ডি এইচ্ছ ডি আৰু ডি এইচ্ছ ডি (জে) উভয় গোটৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আলোচনা মৰ্মে স্বাক্ষৰিত মেম’ৰেনণ্ডাম অব ছেটলমেণ্ট (MoS)ক বাস্তৱ ৰূপ দিয়াৰ বাবে মুখ্য মন্ত্ৰীৰ ওচৰত দাবী জনালে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় সমিতিয়ে।

১৬ মাৰ্চত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাইবাঙত উপস্থিত হওঁতে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ এক প্ৰতিনিধি দলে সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে, য’ত অন্যান্য দাবীৰ লগতে ঘাইকৈ MoS  ৰ কথা উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে প্ৰাক্তন বিদ্ৰোহী সংগঠন ডি এইচ্ছ ডি আৰু চৰকাৰৰ মাজত ২০০৩ চনৰ ১ জানুৱাৰিত যুদ্ধবিৰতি চুক্তিৰ স্বাক্ষৰিত হয়। ইয়াৰ প্ৰায় এবছৰৰ পিছতে ডি এইচ্ছ ডিত বিভাজন হৈ দুটা ফৈদৰ সৃষ্টি হয়।

ফলত জুৱেল গাৰ্লোচাৰ নেৰ্তৃত্বত ডি এইচ্ছ ডিৰ নতুন গোটৰ আত্মপ্ৰকাশ হয়। পৰৱৰ্তী সময়ত ২০০৯ চনত জুৱেল গোটেও অস্ত্ৰ সমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে।

আলোচনাৰ পিছত ২০১২ চনৰ ৮ ডিচেম্বৰত নতুন দিল্লীত ডি এইচ্ছ ডিৰ উভয় গোট আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে এম অ’ এছ স্বাক্ষৰিত হয়। কিন্তু এতিয়ালৈকে এই স্বাক্ষৰিত চুক্তিখন বাস্তৱায়িত হোৱা নাই। চুক্তি স্বাক্ষৰিত হোৱা পাঁচ বছৰ পাৰ হৈ গ’ল যদিও উভয় চৰকাৰ নিমাত হৈ আছে। সেইকাৰণে যাতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনতি পলমে ব্যৱস্থা লোৱা হয় তাৰ কাৰণে দাবী জনাইছে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে।

ছাত্ৰ সংগঠনটোৱে ইয়াৰ বাহিৰেও পাৰ্বত্য জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰা, হাফলঙত এখন গাৰ্লছ ডিগ্ৰী কলেজৰ লগতে দিয়ুঙব্ৰাত ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ দাবীও জনায়। আনহাতে মাইবাঙত ছাব ডিভিজনেল স্প’ৰ্টছ এণ্ড কালচাৰেল কমপ্লেক্স স্থাপনৰ কাৰণেও স্মাৰকপত্ৰত দাবী উত্থাপন কৰা হয়।

স্মাৰকপত্ৰখনত স্বাক্ষৰ কৰিছে ক্ৰমে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সিদুত নাইদিং আৰু সাধাৰণ সচিব প্ৰমিত চেঙগুইনে।