তিনিচুকীয়াত অগপক মিত্ৰজোঁট ত্যাগৰ পৰামৰ্শ নাগৰিক সভাৰ

2016_3$largeimg202_Mar_2016_185351620

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’খন উত্থাপিত হোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তিনিচুকীয়াত শনিবাৰে অনুষ্ঠিত এখন নাগৰিক সভাই।

তিনিচুকীয়া জিলাৰ সদৰ তিনিচুকীয়াত অগপই আয়োজন কৰা নাগৰিক সভাত ভাষণ দি তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি এই গুৰুত্বপূৰ্ণ বিষয়টোত সোনকালেই এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দলটোক আহ্বান জনায়।

অসমত বিজেপি চৰকাৰৰ অংশীদাৰ হৈ থকা আঞ্চলিক দলটোক বিধেয়কখন সন্দৰ্ভত বিৰোধিতাৰে নাগৰিক সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাগৰিক সভাত পৰামৰ্শ আগবঢ়োৱা হয়।

নাগৰিক সভাত উপস্থিত একাংশ সচেতন ব্যক্তিয়ে অগপক মিত্ৰজোঁট ত্যাগ কৰাৰো পৰামৰ্শ আগবঢ়ায়।

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহিত কৰাৰ যি পৰিকল্পনা লৈছে সেয়া সফল হ’লে অসমেই আটাইতকৈ ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি মত পোষণ কৰে নাগৰিক সভাই।

অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাকক্ষত অনুষ্ঠিত নাগৰিক সভাখনত সভাপতিত্ব কৰে অগপৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰবীন দত্তই।

অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, জিলা পৰ্যবেক্ষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালে আদৰণি ভাষণত  বিধেয়কখনৰ কিয় বিৰোধিতা কৰিব লাগে তাৰ ব্যাখ্যা আগবঢ়ায়।

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ নেতা, সচেতন ব্যক্তিয়ে নাগৰিক সভাত বৰ্তমান ৰাজ্য চৰকাৰৰ সৈতে থকা মিত্ৰতা ভংগ কৰিবলৈ অগপৰ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনায়।

নাগৰিক সভাই মত পোষণ কৰে যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহিত কৰাৰ পিছত অগপ দলে অসমত জনমত গঠনৰ প্ৰাসংগিকতা হেৰুৱাই পেলাব। সেয়েহে, সময় থাকোতেই দলটোক মিত্ৰজোঁটৰ পৰা আঁতৰি আহি অসমৰ স্বাৰ্থত জনসাধাৰণৰ মাজলৈ যোৱাৰ পৰামৰ্শ দিয়া হয়।

নাগৰিক সভাখনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিলা সাহিত্য সভাৰ প্ৰতিনিধিকে ধৰি অগপৰ বহু কেইজন নেতা তথা সচেতন ব্যক্তি উপস্থিত আছিল।

নাগৰিক সভাই নাগৰিক সংশোধনা বিধেয়কখনৰ বিৰোধিতা কৰি সৰ্বসন্মতভাৱে এক প্ৰস্তাৱ গ্ৰহণ কৰে।