• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব সংবাদ স্বাধীনতা সূচাংকত দুঢাপ আগুৱালে ভাৰতে, তথাপি ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান আৰু শ্ৰীলংকা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 4, 2024 11:00 am
237
VIEWS
Share on FacebookShare on Twitter

বিশ্ব সংবাদ স্বাধীনতা সূচকাংকত স্থান আগলৈ আহিছে ভাৰতৰ। যোৱা বছৰ ১৮০খন দেশৰ ভিতৰত ১৬১ স্থানত আছিল ভাৰত। এইবাৰ ভাৰতে ১৫৯ লৈ আগুৱাইছে।

প্ৰতি বছৰে ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ)ৰ দ্বাৰা প্ৰেছ ফ্ৰিডম ইনডেক্স প্ৰকাশ কৰা হয়।

উল্লেখ্য যে যদিও ভাৰতে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংকত দুখোজ আগুৱাই গৈছে, তথাপি ইয়াক “বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰা হৈছে।

এই প্ৰসংগত আৰ এছ এফে কয়, “সাংবাদিকৰ বিৰুদ্ধে হিংসা, সংবাদ মাধ্যমৰ মালিকীস্বত্ব আৰু ৰাজনৈতিক সংযোগৰ কেন্দ্ৰীভূতকৰণৰ ফলত “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ” ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সংকটত পৰিছে। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসননৈ অহাৰ পিছৰে পৰা অৱনমিত হৈছে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংক।

ইয়াৰ উপৰিও‘এছিয়া-পেচিফিক : প্ৰেছ ফ্ৰিডম অণ্ডাৰ দ্য জ’ক অৱ অটোৰিটেৰিয়ান গভৰ্ণমেণ্টছ’ শীৰ্ষক প্ৰতিবেদনতো ভাৰতৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰসংগত আৰ এছ এফে কয় যে সংবাদ স্বাধীনতাৰ সূচাংকত ভাৰতৰ দুটা স্থান অগ্ৰগতি “বিভ্ৰান্তিকৰ”। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা বৃদ্ধি পোৱা নাই। ভাৰততকৈ আগস্থানত তথা দেশসমূহ পিছুৱাই যোৱাৰ বাবেহে এই তালিকাত ভাৰত দুখোজ আগুৱাই গৈছে। ভাৰতৰ শেহতীয়া স্থিতি এতিয়াও গণতন্ত্ৰৰ বাবে অনুপযোগী।

প্ৰেছ ফ্ৰিডম ইনডেক্সত দুটা পদক্ষেপ আহিলেও এইবাৰৰ প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতৰ স্ক’ৰ ৩১.২৮। যিটো যোৱা বছৰ আছিল ৩৬.৬৫। ভাৰতৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ১৪ কোটি মানুহৰ ঘৰত টিভি আছে। প্ৰায় ৯০০ টা ব্যক্তিগত মালিকানাধীন টিভি চেনেলৰ আধা অংশই বাতৰি সম্প্ৰচাৰ কৰে। ৰাজহুৱা টিভি সম্প্ৰচাৰক দূৰদৰ্শনে ২৩টা ভাষাত বাতৰি পৰিৱেশন কৰে আৰু লাখ লাখ দৰ্শকৰ কাষ চাপিছে।

ভাৰতত প্ৰায় ২০,০০০ দৈনিক বাতৰি কাকতকে ধৰি ২০টাতকৈও অধিক ভাষাত প্ৰায় ১,৪০,০০০ বিভিন্ন ধৰণৰ বাতৰি কাকত প্ৰকাশ পায়। তেওঁলোকৰ মুঠ প্ৰচলন ৩৯ কোটিৰ ওপৰত। আনহাতে অনলাইন বাতৰি বিশেষকৈ ছ’চিয়েল মিডিয়া যুৱক-যুৱতীসকলৰ প্ৰিয়। যিয়ে বাতৰিৰ মূল উৎস হিচাপে ছপা মাধ্যমক অতিক্ৰম কৰিছে। আনহাতে অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু এতিয়াও বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰী একচেটিয়া অধিকাৰ আছে।

ভাৰতত ২০২৪ চনত এতিয়ালৈকে ভাৰতত ৯ জন সাংবাদিক আৰু ১ জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ বিশ্বতে ২০২৪ চনত এই পৰ্যন্ত ৫৪৪ জন সাংবাদিক আৰু ২৬ জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে ১২ জন সাংবাদিক নিহত হৈছে।

প্ৰতিবেদনত বিভিন্ন দেশৰ বিষয়ে আলোচনা কৰি আৰ এছ এফে ভাৰত সন্দৰ্ভত কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন কাৰণত সংবাদ স্বাধীনতাৰ পৰিস্থিতি অৱনতি ঘটিছে। ‘প্ৰধানমন্ত্ৰীৰ বন্ধু তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানীৰ ৭০টাতকৈও অধিক সংবাদ মাধ্যমৰ মালিক। ২০২২ চনৰ শেষৰ ফালে মোদীৰ ঘনিষ্ঠ গৌতম আদানীয়ে এন ডি টি ভি চেনেল অধিগ্ৰহণ কৰে।

ভাৰতত যোৱা কিছু বছৰত “গোদী মিডিয়া”ৰ উত্থান দেখা গৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত আৰ এছ এফে কয় যে বিভিন্ন দেশৰ চৰকাৰ আৰু ৰাজনৈতিক কৰ্তৃপক্ষৰ হস্তক্ষেপৰ ফলত সংবাদ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰা হৈছে।

উল্লেখ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ ভিতৰত বিশ্ব সংবাদ স্বাধীনতা সূচাংকত পাকিস্তানৰ স্থান ১৫২, শ্ৰীলংকা ১৫০, নেপাল ৭৪ আৰু মালদ্বীপ ১০৬।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd