তিনিচুকীয়াত আন্তঃজিলা ফুটবল আয়োজন; লখিমপুৰত ক্ৰিকেট সন্থাৰ গ্ৰীষ্মকালীন শিবিৰ

অসম ফুটবল সন্থাৰ পৰিচালনাত আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত অহা ১৫ জুলাইৰ পৰা ৪ আগষ্টলৈ সন্তোষ লহকৰ সোঁৱৰণী ৫৫ সংখ্যক জুনিয়ৰ আন্তঃজিলা ফুটবল তিনিচুকীয়াৰ কচুজান খেলপথাৰ আৰু বাৰেকুৰি যজ্ঞোখোৱা খেলপথাৰত সমান্তৰালভাৱে অনুষ্ঠিত হ’ব।

প্ৰাপ্ত তথ্য মতে এই প্ৰতিযোগিতাত গোসাঁইগাঁও, দক্ষিণ কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, গুৱাহাটী, কলিয়াবৰ, শিৱসাগৰ, যোৰহাট চৰাইদেউ, বোকাখাত, কোকৰাঝাৰকে ধৰি মুঠ ৩৭ টা দলে অংশ গ্ৰহণ নিশ্চিত কৰিছে।

ইতিমধ্যে প্ৰতিযোগিতাখন পৰিচালনাৰ বাবে সঞ্জয় কিষাণক সভাপতি, যোগেন দহোটীয়াক কাৰ্যকৰী সভাপতি, মোহন গোহাঁই, ৰাজীৱ দত্ত, পুলক গোহাঁই, আৰুণজ্যোতি মৰাণ, অঞ্জলি গোৱেল, পুলক চেতিয়াক উপ-সভাপতি, জীৱন বৰুৱাক সাঃ সম্পাদক আৰু ৰফিক আহমেদক কোষাধ্যক্ষ ৰূপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

ইফালে লখিমপুৰত লখিমপুৰ ক্ৰিকেট সন্থাৰ গ্ৰীষ্মকালীন শিবিৰ বুধবাৰৰ পৰা আৰম্ভ হৈছে। শিবিৰটোত বাবুৰাম মগৰক মুখ্য প্ৰশিক্ষক আৰু তেওঁক সহায় কৰিছে পূৰ্ণানন্দ শইকীয়াই।

১৫ দিনীয়া এই শিবিৰটোত ৭০ গৰাকীৰো অধিক ল’ৰা-ছোৱালীয়ে অংশ গ্ৰহণ কৰিছে বুলি লখিমপুৰ ক্ৰিকেট সম্পাদক সুজিত চৌধুৰীয়ে জানিবলৈ দিয়ে।