ত্ৰিপুৰাক নতুন ৰূপত বিকশাই তোলাৰ সময় আহি পৰিছে: হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sharma

১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰথম বাৰৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ আন এগৰাকী নেতা পিয়ুষ হাজৰিকাই  উত্তৰ ত্ৰিপুৰা জিলাত উপস্থিত হৈছেহি।

জিলাখনত উপস্থিত হৈয়ে  হিমন্ত বিশ্ব শৰ্মাৰ লগতে পিয়ুষ হাজৰিকাই বিজেপিৰ হৈ কুৰ্টি কদমটলা, বাগপাসা আৰু ধৰ্মনগৰৰ পাৰ্থী কেইজনৰ বাবে প্ৰচাৰ চলায়।

বিজেপি তথা তেওঁলোকৰ প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থন জনোৱা উদ্দেশ্যে আজি অনুষ্ঠিত নিৰ্বাচনী সমাবেশখনত অজস্ৰ লোকৰ সমাগম হোৱা দেখা যায়।

উপস্থিত জনসমাগমক সম্বোধন কৰি হিমন্ত বিশ্বই আগন্তুক বিধানসভা নিৰ্বাচনত এখন নতুন চৰকাৰ গঠনৰ বাবে বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ ৰাজ্যখনৰ পৰা শাসনাধিস্থ চিপিআই (এম)ক উৎখাত কৰি ৰাজ্যখনক নতুন ৰূপত বিকশাই তোলাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে।

আগন্তুক নিৰ্বাচনত পৰিবৰ্তন অনাৰ লক্ষৰে বিজেপিৰ সমৰ্থক সকলে দিয়া ‘চলো পালটায়ে’ৰ শ্লোগানে আজি সমাবেশস্থলীৰ আকাশ বতাহ মুখৰিত কৰি তোলে।