ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাইঃ হিমন্ত

himanta

হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত ভাৰতীয় নিৰ্বাচন আয়োগক লগ ধৰি ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱায়। বৰ্তমান সময়ত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই বুলি আয়োগক সদৰী কৰে শৰ্মাই। এই গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াত।

অহা ফেব্ৰুৱাৰি মাহত ত্ৰিপুৰাৰ লগতে মেঘালয় আৰু নাগালেণ্ডত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে। এইবাৰৰ ত্ৰিপুৰা নিৰ্বাচন হিংসামুক্ত নহয় বুলি আশংকা ব্যক্ত কৰিছে ত্ৰিপুৰা বিজেপিৰ পৰ্যবেক্ষক হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি তেওঁ কয় যে অসম আৰু মণিপুৰত বিজেপিয়ে ব্যাপক সফলতা লাভ কৰাৰ পিছত অন্য ৰাজ্য অৰ্থাত বাওঁপন্থী শাসিত ৰাজ্য সমূহত শাসনভাৰ লোৱাৰ বাবে কোনো ধৰণৰ ত্ৰুটি এৰা নহ’ব।

‘যদিহে ত্ৰিপুৰাত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে আমি অনায়াসে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম। কিন্তু ত্ৰিপুৰাৰ বৰ্তমান পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখিলে দেখা যায় যে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰোৱাতো নিৰ্বাচন আয়োগৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। বৰ্তমান ত্ৰিপুৰাৰ নিৰ্বাচনী বতাহ বিজেপিৰ ফালে ধাৱমান হৈছে’। এনেদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰি শৰ্মাই কয়, ‘যোৱা এসপ্তাহৰ পৰা চি পি আই (এম)-এ ৰাজ্যখনত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ কাৰণে আমি বৃহস্পতিবাৰে নিৰ্বাচন আয়োগক লগ ধৰি স্বচ্ছ আৰু হিংসামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰোৱাৰ বাবে অনুৰোধ জনাইছো’।

ত্ৰিপুৰাৰ বৰ্তমান পৰিস্থিতিৰ বাবে থলুৱা লোকসকল গভীৰ সংকটত পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ উন্নয়নৰ বাবে এই চৰকাৰখন ওফৰাই দি নতুন চৰকাৰ এখন গঠন কৰিব লাগে বুলিও শৰ্মাই মত প্ৰকাশ কৰে।