ত্ৰিপুৰাত সোঁ ৰাজনীতিৰ সেনাপতিৰ ভূমিকাত প্ৰধান মন্ত্ৰী মোদী : বাওঁমৰ্চাক তীব্ৰ আক্ৰমণ

Modi_tripura

সোঁ-বাওঁ ৰাজনীতিয়ে উত্তাল কৰি থকা ত্ৰিপুৰাত আজি প্ৰধান মন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰি ৰাজ্যখনৰ শাসনত থকা বাওঁমৰ্চাক প্ৰধান লক্ষ্য কৰি লয়। তেওঁ উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে যোৱা ২৫ বছৰ ধৰি ত্ৰিপুৰাৰ জনসাধাৰণ কেৱল ভুক্তভোগী হৈয়ে ৰ’ল। এতিয়া প্ৰত্যুত্তৰ দিয়াৰ সময় হৈছে এই চৰকাৰক।

মন কৰিব লগীয়া যে বাওঁ আৰু সোঁ ৰাজনীতিৰ মহাৰণত পৰিণত হোৱা তুলনামূলকভাৱে সৰু ৰাজ্য ত্ৰিপুৰাত আজি মোদী দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী সভাত ভাগ ল’বলৈ আহিছিল। ৰাজ্যখনত যোৱা ২৫ বছৰ শাসনত থকা বাওঁ মৰ্চাক উৎখাত কৰাটো এতিয়া বিজেপিৰ বাবে অন্যতম প্ৰত্যাহ্বান হৈ পৰিছে।

আনহাতে মোদীয়ে নিজৰ ভাষণত কংগ্ৰেছকো আক্ৰমণ কৰাৰ সুযোগ নেৰে। কংগ্ৰেছ দলটোক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছো বাওঁ দলৰ বন্ধু। কংগ্ৰেছ দলে দিল্লীত বাওঁ দলবোৰৰ বন্ধু হৈ ত্ৰিপুৰাত নিৰ্বাচনী প্ৰতিদ্বন্দ্বী হিচাপে লোৱাটো সম্পূৰ্ণ নাটক। এই দুয়োটা দল একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।

দল দুটাক সমালোচনা কৰাৰ সমান্তৰালভাৱে প্ৰধান মন্ত্ৰী মোদীয়ে ত্ৰিপুৰাত হোৱা বিজেপি কৰ্মীৰ হত্যাৰ বিষয়টোও উল্লেখ কৰে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত সুনীল দেব নামৰ বুথ পৰ্য্যায়ৰ এজন বিজেপি কৰ্মীক হত্যা কৰা হৈছিল, যিটোৰ বাবে দলটোৱে বাওঁ দলৰ কৰ্মীলৈ অভিযোগৰ আঙুলি টোঁৱাইছিল।

অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ভোট গণনা হ’ব ৩ মাৰ্চত। ৰাজ্যখনত বিধানসভাৰ আসনৰ সংখ্যা ৬০খন। কিন্তু ইয়াত আসনৰ সংখ্যাতকৈ মতাদৰ্শগত যুঁজে অধিক গুৰুত্ব পোৱা দেখা গৈছে।