ত্ৰিপুৰাৰ আইন-শৃংখলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ

Biplab-Sarkar-784x441-1-570x320

ত্ৰিপুৰাৰ নৱগঠিত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি আৰু আই পি এফ টিৰ চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়নৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰি আগন্তুক পাঁচবছৰৰ বাবে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ত্ৰিপুৰাৰ চাৰিবাৰৰ মুখ্য মন্ত্ৰী তথা ত্ৰিপুৰা বিধানসভাৰ বিৰোধী নেতা মাণিক সৰকাৰে।

১২ সংখ্যক ত্ৰিপুৰা বিধানসভাৰ বিৰোধী নেতা সৰকাৰে ৰাজ্যখনৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক ৰাজ্যখনৰ আইন শৃংখলাৰ দিশটোতো অধিক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায়। ৰাজ্যখনত বাওঁ পন্থী দল চিপিআই(এম)ৰ নেতা- কৰ্মীসকলৰ ওপৰত কৰা নিৰ্বিকাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈও প্ৰাক্তন মুখ্য মন্ত্ৰী সৰকাৰে ৰাজ্য চৰকাৰক অনুৰোধ জনায়। দা নিউজ মিলৰ জৰিয়তে এই তথ্য প্ৰকাশ পাইছে।

আনহাতে যোৱা সপ্তাহত আৰম্ভ হোৱা ১২ সংখ্যক ত্ৰিপুৰা বিধানসভাৰ প্ৰথমখন অধিৱেশনত ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰয়ে আগবঢ়োৱা ভাষণ যথেষ্ট আকৰ্ষণীয় আছিল। তেওঁ ৰয়ৰ ভাষণক শলাগ লোৱাও পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনি সমূহ ৰাজ্যপালৰ ভাষণৰ জৰিয়তে অতি আকৰ্ষণীয় ভাবে প্ৰকাশ পায় বুলি মাণিক সৰকাৰে প্ৰকাশ কৰে। কিন্তু ৩ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছৰে পৰা ৰাজ্যখনত অৰাজক পৰিস্থিতি আৰু আইন-শৃংখলা পৰিস্থিতি বেয়াকৈ অৱনমিত হোৱা বুলিও তেওঁ উল্লেখ কৰে।

‘বিজেপিৰ কৰ্ম-কৰ্তাই আমাৰ দলৰ বহু কৰ্মীক শাৰীৰিকভাবে অপদস্থ কৰাৰ লগতে বেয়াকৈ আক্ৰমণ কৰিছে। আমাৰ বহু দলীয় কাৰ্যালয়, নেতা-কৰ্মীৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হ’ল’  বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে।