ত্ৰিপুৰাৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত চাৰিলাম সমষ্টিৰ উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়ে চিপিএমে

Tripura-poll-Left-withdraws-candidate-in-Charilam

ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাওঁপন্থীসকল শংকিত হৈ পৰিছে। ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত চিপিএমে চাৰিলাম সমষ্টিত দলীয় প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চাৰিলাম সমষ্টিৰ উপ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে সমষ্টিটোৰ চিপিআই-এমৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যু হোৱাৰ বাবে সমষ্টিটোৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল। নিৰ্বাচন আয়োগে সমষ্টিটোত ১২ মাৰ্চত উপ নিৰ্বাচন ঘোষণা কৰাৰ পিছত বাওঁপন্থী দলটোৱে ইয়াত প্ৰতিদ্বন্দ্বিতা নকৰাৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰে।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ বিভিন্ন স্থানত চিপিআই-এমৰ কৰ্মীসকলৰ লগতে কাৰ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ বাবে দলটোৱে নিৰ্বাচন আয়োগক সমষ্টিটোৰ নিৰ্বাচন পিছুৱাই দিয়াৰ বাবে আৱেদন জনাইছিল।

বাওঁপন্থী দলসমূহৰ নেতাসকলে দিল্লীত মুখ্য নিৰ্বাচনী আয়ুক্ত ওম প্ৰকাশ ৰাৱটক সাক্ষাৎ কৰি দাখিল কৰা এখন আৱেদনত অভিযোগ কৰিছিল যে ৰাজ্যখনত শাসনলৈ অহা বিজেপিয়ে চিপিআই-এমৰ কৰ্মী তথা সমৰ্থকৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লৈছে।

ৰাজ্যখনত হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্বাভাৱিক পৰিস্থিতি ঘুৰি নহালৈকে নিৰ্বাচনটো পিছুৱাই দিব লাগে বুলি আৱেদনৰ যোগেদি নেতাসকলে আয়োগক অনুৰোধ জনাইছিল।

আনহাতে, দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে।

চিপিআই-এমৰ নেতা সীতাৰাম য়েচুৰীয়ে ৰাজ্যখনত হৈ যোৱা ৰাজনৈতিক হিংসাত্মক ঘটনাৰ সময়ত দুৰ্বৃত্তই জ্বলাই দিয়া অঞ্চলসমূহ শনিবাৰে ভ্ৰমণ কৰে।