ত্ৰিপুৰা নিৰ্বাচনৰ পিছতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা অঞ্চল পৰিদৰ্শন চিপিআই(এম) নেতা প্ৰকাশ কাৰাটৰ

29-1454006920-prakash-karat

ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ আগৰতলাত উপস্থিত হৈছে দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দ ক্ৰমে প্ৰকাশ কাৰাট, সাংসদ শংকৰ প্ৰসাদ দত্তা আৰু প্ৰাক্তন উপ অধ্যক্ষ পবিত্ৰ কৰ।

উল্লেখ্য যে ত্ৰিপুৰাত যোৱা ৩ মাৰ্চত বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ চৰকাৰ শাসনত অহাৰ পাছতেই ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বাওপন্থী দলটোৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন অঞ্চলৰ দলীয় কাৰ্যালয়ত আক্ৰমণ চলাইছিল গেৰুৱা বাহিনীৰ সমৰ্থকে।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই ৰাজ্যখনৰ বিশালগড়, খোৱাই, ছাবৰুম, খমলুং, মেলাগড়, জিৰানিয়া, বেল’নিয়া আৰু আগৰতলাৰ ৰামনগৰ আৰু দক্ষিণ ৰামনগৰৰ চি পি আই (এম) সমৰ্থক সকলক গেৰুৱা বাহিনীৰ সমৰ্থকসকলে শাৰিৰীক আক্ৰমণ, বাসগৃহত আক্ৰমণ তথা দলীয় কাৰ্যালয়ত আক্ৰমণ কৰি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

এই সকলোবোৰৰ বিষয়ে বুজ ল’বলৈ ৰাজ্যখনলৈ আহি বাও নেতা কাৰাটে কয় যে বিজেপিৰ সমৰ্থক সকলে আমাৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিলে, নেতা-কৰ্মীক শাৰিৰীক-মানসিক অত্যাচাৰ কৰিলে। বহুতো নেতা গেৰুৱা বাহিনীৰ দাবী ধমকিত ঘৰ এৰি পলায়নো কৰিলে।

তেওঁ লগতে কয় যে বিজেপি-আই পি এফ টি চৰকাৰ শাসনত অহাৰ পাছতেই ৰাজ্যখনত গেৰুৱা বাহিনীৰ সন্ত্ৰাস আৰম্ভ হ’ল। মানুহে সন্ত্ৰাসত ঘৰ এৰি পলায় গ’ল, শাৰিৰীকভাবে আক্ৰমণ কৰাত বহুতো নেতা-কৰ্মী চিকিৎসালয়ত ভৰ্তী হ’বলগীয়া হ’ল।

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই ৫ মাৰ্চৰ নিশা চিপিআই (এম) নেতা অনীমেশ দেববৰ্মাৰ বাসগৃহত আই পি এফ টিৰ সমৰ্থকৰ লগতে দেববৰ্মাৰ প্ৰতিবেশী জয়ন্তই পেট্ৰল ধালি অগ্নি সংযোগ কৰাৰো অভিযোগ উত্থাপন কৰে চিপিআই(এম)ৰ নেতৃবৃন্দই।

আনহাতে এনে ঘটনাক বিজেপিয়ে সম্পূৰ্ণৰূপে নসাৎ কৰি চিপিআই (এম)ৰ অভিযোগ গুৰুত্বহীন আখ্যা দিয়ে।