থাওৰা সমষ্টিৰ আঞ্চলিকতাবাদী নেতা হৰিনাথ বাগতিৰ মৃত্যু

হৰিনাথ বাগতি

থাওৰা সমষ্টিৰ প্ৰবীণ আঞ্চলিকতাবাদী নেতা তথা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সদস্য হৰিনাথ বাগতিৰ বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে বিগতে বৰ্ষতে দুয়োটা বৃক্ক বিকল হোৱা হৰিনাথ বাগতি দীৰ্ঘদিন ধৰি গুৱাহাটী আৰু ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল।

প্ৰয়াত হৰিনাথ বাগতি ৰোগাক্ৰান্ত হৈ থকা অৱস্থাত যথেষ্ঠ ব্যয়বহুল উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যাৰ ফলত তেখেতৰ পৰিয়াল  আৰ্থিক অসুবিধাৰো সন্মুখীন হৈছিল। উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত বৰ্তমান চৰকাৰৰ অগপ দলৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই প্ৰবীণ অগপ নেতা জনক চিকিৎসালয়ত সাক্ষাত কৰি অৱস্থাৰ বুজ লৈছিল।

মনকৰিবলগীয়া যে  অসম আন্দোলনত সক্ৰিয় ভাবে জড়িত থকা হৰিনাথ বাগতিয়ে পৰবৰ্তী সময়ত অসম গণ পৰিষদ দলত একনিষ্ঠ সেৱা আগবঢ়াই আহিছিল। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰয়াত ভৃগু ফুকন,থাওৰাৰ প্ৰাক্তন বিধায়ক বাৰ্কীপ্ৰসাদ তেলেঙ্গা আদি অগপ নেতাৰ একালৰ সতীৰ্থ আছিল বাগতি। ডিমৌৰ পালেঙীৰ নিবাসী হৰিনাথ বাগতি পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পিচত থাওৰা সমষ্টিৰ প্ৰথমগৰাকী চীফ কাউন্সিলাৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

পূৰ্বে বহু ব্যয় কৰি উন্নত চিকিৎসাৰ গ্ৰহণ কৰাৰ পাছত ৰোগে জটিল ৰূপ ধাৰণ কৰাত শেহতীয়াকৈ বাগতিক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিয়মীয়াকৈ ডায়েলায়ছিচ কৰোৱাই থকা হৈছিল।  কালিও এই চিকিৎসাৰ উদ্দেশ্যে তেখেতক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও বিয়লি ৫.৩০বজাত  চিকিৎসাধীন অৱস্থাতে হৰিনাথ বাগতিৰ মৃত্যু হয়। জাতীয়তাবাদী নেতাজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।