• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ প্ৰচেষ্টা ব্যৰ্থ মেঘালয় কংগ্ৰেছৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , January 22, 2018 10:03 am

2 min read

দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ প্ৰচেষ্টা ব্যৰ্থ মেঘালয় কংগ্ৰেছৰ

মেঘালয় কংগ্ৰেছৰ সভাপতি ভিনচেন্ট পালা

74
VIEWS
Share on FacebookShare on Twitter

বিদ্ৰোহী বিধায়কসকলক দললৈ ঘুৰাই অনাৰ বাবে নতুনকৈ নিযুক্তি পোৱা সভাপতি ভিনচেন্ট পালাৰ নেতৃত্বৰ মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটি ব্যৰ্থ হৈছে।

অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয় বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মেঘালয় কংগ্ৰেছৰ সভাপতি তথা শ্বিলং লোকসভা সমষ্টিৰ সাংসদ পালাই প্ৰকাশ কৰে যে বিদ্ৰোহী সকলো সদস্যৰ সৈতে তেওঁ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকক কংগ্ৰেছলৈ উভতি আহিবলৈ আহ্বান জনাইছিল। কিন্তু বিদ্ৰোহী বিধায়কসকলে ‘’বহু পলম হৈ গ’ল’’ বুলি প্ৰকাশ কৰি উভতি আহিবলৈ অস্বীকাৰ কৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে এগৰাকী মন্ত্ৰী আৰু ছয় গৰাকী বিধায়ককে ধৰি কেইবাগৰাকীও কংগ্ৰেছ নেতাই মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাৰ কামকাজত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ পৰা পদত্যাগ কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মেঘালয়ৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা চি পি যোশীয়ে মঙলবাৰে মেঘালয় কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰিব।

সোমবাৰে সন্ধিয়া যোশী আহি শ্বিলঙত উপস্থিত হ’ব। আসন্ন মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী তালিকাখন নিৰ্বাচনী সমিতিৰ লগত আলোচনা কৰি যোশীয়ে চূড়ান্ত কৰিব বুলি আশা কৰা হৈছে। চূড়ান্ত তালিকাখন যোশীয়ে অনুমোদনৰ বাবে হাই কমাণ্ডৰ ওচৰত দাখিল কৰিব।

আনহাতে, জানিব পৰা মতে মেঘালয়ৰ গৃহমন্ত্ৰী তথা মেঘালয় কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ নেতৃত্বত থকা এইচ ডি আৰ লিংডোৱে সোমবাৰে যোশীক সাক্ষাৎ কৰি দলৰ নিৰ্বাচনী ৰণ কৌশল সম্পৰ্কে আলোচনা কৰিব।

এই বৈঠকতে মেঘালয় বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলগীয়া তাৰকা প্ৰচাৰকৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰিব।

জানিব পৰা মতে নতুনকৈ নিযুক্ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাজ্যখনত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোনকালেই মেঘালয় ভ্ৰমণলৈ আহিব।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd