দশম শ্ৰেণীৰ ছাত্ৰীক হোটেললৈ নি……..! দিল্লীত চাঞ্চল্যকৰ ঘটনা

আকৌ এক লোমহৰ্ষক ধৰ্ষণকাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীত। এইবাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা খবৰ পোহৰলৈ আহিছে।

এই ঘটনাত আৰক্ষীয়ে ৫ অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি উত্তৰাখণ্ডৰ হালদুয়ানীৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী চলিত মাহৰ ৪ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল। স্থানীয় আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ পৰিয়ালে। আৰক্ষীয়ে তদন্তৰ অন্তত দিল্লীৰ এখন হোটেলৰ পৰা উদ্ধাৰ হয় কিশোৰীগৰাকী।

পিছত গম পোৱা গ’ল যে নাবালিকাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল। এই ঘটনাৰ তদন্ত কৰি দিল্লীৰ পৰা আৰক্ষীয়ে ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

প্ৰথম অৱস্থাত নিৰুদ্দেশ হোৱা গোচৰটোৰ তদন্তত আৰক্ষীয়ে গম পালে যে ৪ অক্টোবৰত কিশোৰীগৰাকীয়ে হালদুয়ানীৰ পৰা দিল্লী অভিমুখী ৰে’লত উঠিছিল। মোবাইল ফোনৰ জিপিএছৰ ওপৰত ভিত্তি কৰি জানিব পৰা গৈছিল যে তেওঁ দিল্লীৰ এখন হোটেলত আছে।

ইয়াৰ পিছত উত্তৰাখণ্ড আৰক্ষীয়ে স্থানীয় থানাত যোগাযোগ কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

পাঁচ দিনৰ মূৰত কিশোৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়া হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে ছাত্ৰীগৰাকীক কাউন্সেলিং কৰিবলৈ আৰম্ভ কৰে। কাউন্সেলিঙৰ সময়ত দিল্লীৰ সেই হোটেলখনত পাঁচজন যুৱকে তেওঁক দলবদ্ধ ধৰ্ষণৰ কথা স্বীকাৰ কৰে।

কিশোৰীগৰাকীৰ বিবৃতি অনুসৰি আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তকাৰীয়ে পুনৰ দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰি হোটেলখনত অভিযান চলায়। চিচিটিভিৰ ফুটেজ আৰু পৰিচয় পত্ৰ পৰীক্ষা কৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে।

হালদুয়ানী আৰক্ষী বিষয়া নীতিন লোহানীয়ে কয়, ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাত নিৰ্যাতনৰ প্ৰমাণ পোৱা গৈছে। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৭০ (গেং-ৰেপ) ধাৰা আৰু পকচ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।