দিচপুৰ আৰক্ষীৰ জালত ৪ দুৰ্ধৰ্ষ প্ৰৱঞ্চক

দিচপুৰ আৰক্ষী থানা

দীৰ্ঘদিন ধৰি প্ৰবঞ্চনাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কিছুসংখ্যক লোকৰ পৰা লোণ দিয়াৰ নামত ধন আত্মসাৎ কৰি দুৰ্নীতিৰ পাহাৰ গঢ়া চাৰিজন প্ৰবঞ্চকক আজি দিচপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে আটকাধীন চাৰিজন লোকে হৰিপদ সাহাই নামৰ লোকজনৰ পৰা ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে বহুতো ধন আত্মসাৎ কৰে। হৰিপদ দাসে ৰুজু কৰা এক গোচৰৰ ভিত্তিত আজি দিচপুৰ আৰক্ষীয়ে অভিযান চলাই ৪ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই আমাক জনোৱা অনুসৰি সেই লোক কেইজনৰ ওপৰত গোচৰ নং ১৭৮/১৮ আৰু ৪২০/৪০৬/৩৪(IPC) ধাৰাত এক গোচৰ ৰুজু কৰে।

উল্লেখযোগ্য যে ধৃত প্ৰবঞ্চক কেইজনে বৰ্তমানলৈকে বহুতো লোকৰ পৰা ১০ কোটিৰো অধিক ধন আত্মসাৎ কৰিছে। ধৃত প্ৰবঞ্চক কেইজনৰ নাম ক্ৰমে চন্দ্ৰ দাস, প্ৰকাশ সাহা, পৰিতোষ মণ্ডল আৰু পৰেশ বাছাক বুলি আৰক্ষী সূত্ৰই আমাক জানিবলৈ দিয়ে। এই প্ৰবঞ্চক কেইজনে ‘শুভ শক্তি থ্ৰিফ্ট ক্ৰেডিট ফাণ্ড’ নামৰ সংস্থাটোৰ নাম লৈ দীৰ্ঘদিন লুন্ঠন চলাই আহিছিল। জানিব পৰা মতে ধৃত চন্দ্ৰ দাস এই সংস্থাৰ মুখ্য প্ৰৱন্ধকৰ দ্বায়িত্বত আছিল।

দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰফী বিষয়া হিমাংশু দাসে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বৰ্তমান ধৃত প্ৰবঞ্চক কেইজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে। লগতে মহানগৰীত এনে ধৰণৰ বহুতো ভুৱা চীট ফাণ্ড সংস্থাই ধন লুট পাত চলাই থকা বুলি জানিবলৈ দি তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।