দিল্লীত আটক ব্যক্তি সংগঠনৰ সদস্য নহয়; বিভ্ৰান্তি সৃষ্টিৰ পৰা আঁতৰি থাকক ভাৰত চৰকাৰ : এন এচ চি এন (আই এম)

দিল্লী বিমানবন্দৰত গান কনভাৰ্টাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন এন এচ চি এন (আই এম)ৰ সদস্য নহয় বুলি আজি বুধবাৰে বিবৃতি জাৰি কৰিছে সংগঠনটোৱে।

ব্যক্তিজন সংগঠনটোৰ সদস্য বুলি ১৭ মাৰ্চত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিটোত ‘তিলমানো সত্যতা নাই’ বুলি সংগঠনটোৰ প্ৰচাৰ মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে। প্ৰকাশিত বাতৰিসমূহত কোৱা হৈছিল যে ৫ টা পিস্তল-কনভাৰ্চন কাৰ্বাইন য়ুনিট হাতত থকা অৱস্থাত দিল্লী বিমানমন্দৰত শূল্ক বিভাগৰ লোকে ব্যক্তিজনক আটক কৰে।

বাতৰি অনুসৰি লোকজনৰ পৰা জব্দ কৰা কনভাৰ্তাৰ্টো অস্ত্ৰ নহয়, কিন্তু ই যিকোনো পিস্তলক এচল্ট ৰাইফললৈ পৰিৱৰ্তন কৰিব পাৰে।

শূল্ক বিভাগে অৱশ্যে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ৰাজহুৱা কৰা নাই।

এখন ৰাষ্ট্ৰীয় কাকতত প্ৰকাশিত বাতৰি মতে যোৱা ১৫ মাৰ্চৰ ৰাতি বেংককৰ পৰা লোকজন আহি দিল্লী বিমানবন্দৰত নমাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি নাম প্ৰকাশ নকৰাৰ চৰ্তত শূল্ক বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে।

গ্ৰেপ্তাৰ কৰা লোকজনৰ সম্পূৰ্ণ পৰিচয় ৰাজহুৱা কৰিবলৈ এন এচ চি এন (আই এম)এ ভাৰতীয় কৰ্তৃপক্ষক প্ৰত্যাহ্বান জনাইছে।

বিবৃতিটোত কোৱা হৈছে যে এনে অভিযোগ এন এচ চি এনৰ ভাবমূৰ্তি ম্লান কৰিবৰ বাবে ভাৰতীয় কৰ্তৃপক্ষ বিশেষকৈ এন আই এ’ আৰু দিল্লী বিমানবন্দৰৰ শূল্ক বিভাগৰ হতাশ প্ৰচেষ্টা। এইটো আন নহয় প্ৰচাৰ লাভৰ বাবে চলোৱা সস্তীয়া চমক বুলি বিবৃতিতোত অভিহিত কৰা হৈছে।

কোনো সন্দেহযুক্ত ব্যক্তিক এন এচ চি এন সদস্য বুলি লেবেল লগোৱাৰ পূৰ্বে বিষদভাৱে তদন্ত কৰি ল’বলৈও ভাৰতীয় সংস্থাসমূহক সংগঠনটোৱে পৰামৰ্শ আগবঢ়াইছে। সংশ্লিষ্ট ভাৰতীয় কৰ্তৃপক্ষসমূহে এতিয়াও চিনাক্ত কৰিব নোৱৰা সন্দেহযুক্ত ব্যক্তি এজনক আটক কৰাৰ দৰে ‘দায়িত্বহীন কাম’ৰ জৰিয়তে ভাৰতীয় আৰু নাগা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা কোনোধৰণৰ ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ ভাৰত চৰকাৰক এন এচ চি এন (আই এম)এ আহ্বান জনাইছে।