• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ ‘আৰবান নক্সাল’, ফণীন্দ্ৰ দেৱচৌধুৰীৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ তত্ব আৰু ড০ গোহাঁইৰ বিবৃতি

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
April 28, 2024 5:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিশিষ্ট বুদ্ধিজীৱি তথা চিন্তানায়ক ড০ হীৰেন গোহাঁইক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰবান নক্সাল বুলি আখ্যা দিয়াৰ পিছত এইবাৰ হিমন্তৰ সুৰতে সুৰ মিলাই বাতৰি কাকতত প্ৰৱন্ধ লিখি ড০ গোহাঁইক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছে গল্পকাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী।  চৌধুৰীয়ে আজি বাতৰি কাকতত লিখা প্ৰৱন্ধটোৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত এক বিবৃতি প্ৰকাশ কৰিছে ড০ হীৰেন গোহাঁয়ে। ড০ গোহাঁইৰ বিবৃতিটো তলত তুলি ধৰা হ’ল –

 

Apply Now
এটা অনুৰোধ।

মোৰ ওপৰত আস্থা থকা বন্ধুসকলে তলৰ বিবৃতিটো অসমৰ চুকে কোণে পৌঁছাই দিলে বাধিত হম। অলপতে আমাৰ মুখ্যমন্ত্ৰীজনে  মোক "আৰবান নক্সাল" আখ্যা দিয়াত অসমৰ কেইবাগৰাকীও বিশিষ্ট লেখক আৰু চিন্তাশীল ব্যক্তিয়ে বাতৰিকাকতত বিবৃতিযোগে ক্ষোভ আৰু ধিক্কাৰ প্ৰকাশ কৰি মোক আশ্বস্ত আৰু কৃতজ্ঞ কৰিছে। কাৰণ এই শব্দ দুটাৰ আজিৰ ভাৰতত বিশেষ তাৎপৰ্য্য আছে।

ক্ষমতালৈ অহাৰ পিছৰে পৰা বিজেপি চৰকাৰে তাৰ কঠোৰ সমালোচক আৰু শত্ৰু বুলি বিশ্বাস কৰা লোক সকলক আন উপায়েৰে বলাব নোৱাৰিলে এই দুটা ৰহস্যময় শব্দৰে দুৰ্ভেদ্য আইনী জালত পেলাই কাৰাবন্দী কৰি বহুবছৰ ৰাখি দিয়ে।

কাৰো কাৰো বিৰুদ্ধে জাল বা ভুৱা ৰাষ্ট্ৰদ্ৰোহৰ প্ৰমাণ সাজি বহু দুইনম্বৰী সাক্ষী হাজিৰ কৰি বহুহেজাৰ পৃষ্ঠাৰ বাৰে বাংকৰা অভিযোগ  আনে। জামিন পোৱাতো প্ৰবল বাধা দিয়ে। ছয় সাত বছৰ  এইদৰে কষ্ট ভোগ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ো অধৈৰ্য্য হৈ চৰকাৰী অভিযোগৰ বিৰুদ্ধে সংশয় প্ৰকাশ কৰি কেইবাজনকো জামিনত মুকলি কৰি দিছে।        

মুখ্যমন্ত্ৰীৰ মতে মই  এটা অতি অকামিলা আৰু গুৰুত্বহীন মানুহ। অথচ তেওঁ অবিৰতভাবে মোৰ নিন্দা কৰে আৰু মোক আবৰ্জনা বুলি দলিয়াই দিবলৈ সভা-সমিতিত ৰাইজক আহ্বান দিয়ে। ইয়েই প্ৰমাণ কৰে যে এই চৰকাৰৰ বাবে মই বাটৰ কাঁইট হৈ পৰিছোঁ। 

এইবাৰ তেওঁক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে ফণীন্দ্ৰ দেৱচৌধুৰী। এইজন গল্পকাৰে মোৰ বিৰুদ্ধে বহু বছৰ ধৰি গল্পৰ দৰে ৰোমাঞ্চকৰ আৰু উদ্ভাৱনশীল অভিযোগ আনি বহু সময়ত ক্ষমাও খুজিব লগা হৈছে। কিন্তু অদম্য উৎসাহেৰে এই পুণ্য কৰ্ম আজিও কৰি আছে।

আজি ''দৈনিক অসম'ত স্বভাৱসিদ্ধ কৌশলেৰে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ(!) কিবা গধূৰ তত্ব উলিয়াই মুখ্যমন্ত্ৰীৰ ঘাইল হোৱা অপবাদক পুনৰ থিয় কৰাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।('দৈনিক অসম'ত থকা দায়িত্বশীল সাংবাদিক সকলে এনে অপকৰ্মক প্ৰশ্ৰয় দিব নালাগিছিল।) তেওঁৰ মতে হেমেন দাসৰ দৰে অশেষ কষ্ট কৰি দিনদুখী সকলৰ হৈ সংগ্ৰাম চলোৱাৰ বিপৰীতে আমাৰ দৰে 'আৰবান নক্সালে' চহৰতে  আৰামত থাকি নানা কূটিল প্ৰচাৰ চলাই (এক) অসমত নিজৰ সুবিধাৰ বাবে এটা বিকল্প ক্ষমতাৰ কেন্দ্ৰ আৰু তাৰ শাখা গঠন কৰিছোঁ, (দুই) ৰাষ্ট্ৰৰ বিৰুদ্ধে 'নৈৰাজ্য' সৃষ্টি কৰিছোঁ। আমাৰ প্ৰচাৰৰ সাৰমৰ্ম হেনো এয়ে যে ভাৰতৰ মণিমুক্তাবোৰ( মোদী,অমিত শ্বাহ, অদ্ভূত মূল্যবৃদ্ধি, পবিত্ৰ ঢাকনিৰে প্ৰচণ্ড দুৰ্নীতি, আইনৰ নামত যতমানে দুৰ্নীতি ইত্যাদিক ?) কলংকিত কৰিছোঁ আৰু এনেকৈয়ে  ৰাষ্ট্ৰৰ বিৰূদ্ধে নৈৰাজ্য বিয়পাই দিছোঁ।        

এইবোৰ কাম মই অকলে কৰি থকা নাই। বহুলোকে মোৰ লগত সমানে  সমানে কাম কৰি সহযোগ কৰিছে। তেওঁলোকক কোনেও বাধ্য কৰা নাই। তেন্তে হয় তেওঁলোক নিজেই 'আৰবান নক্সাল', নহয় মহামূৰ্খ। ফণীন্দ্ৰৰ দৰে প্ৰজ্ঞাৱানৰ পৰামৰ্শ লোৱা  নাই। ফণীন্দ্ৰই এখেতসকলক ৰেহাই দিছে নেকি? কাৰণ নৈৰাজ্য ডাঙৰ ক্ষতি। অৱশ্যে কাৰো কাৰো মনত নৈৰাজ্যৰ আতংক মুখৰিত।

 এই কথাও কব লাগিব যে কিঞ্চিত আৰামত থাকিলেও মই  চহৰ আৰু গাৱঁৰ হতভগীয়া সকলৰ সংকটৰ কথাকে কৈ আছোঁ, তাৰ প্ৰতিকাৰ দাবী কৰিছোঁ। 

ইতি

হীৰেন গোহাঁই। 
নিজৰাপাৰ পথ,
চানমাৰি, গুৱাহাটী।
ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd