আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক লৰেন্স বিষ্ণোই গেঙৰ নামত হত্যাৰ ভাবুকি দিয়াৰ ঘটনাই নতুন মোৰ লৈছে। পাঞ্জাৱ আৰক্ষীৰ তদন্তত এই সমগ্ৰ ভাবুকিৰ ঘটনাটোৱে ভুৱা বুলি পোহৰলৈ আহিছে।
এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কোনো কাৰণতে লৰেন্স বিষ্ণোই গেঙৰ সৈতে জড়িত নহয়। তেওঁ হাৰিয়ানাৰ ৰোহটকৰ বাসিন্দা আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। পাঞ্জাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সূত্ৰৰ পৰা এই তথ্য পোহৰলৈ আহিছে।
কিছুদিন পূৰ্বে এই ঘটনাই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছিল। আপৰ বিধায়ক জাৰ্নাইল সিঙে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি দাবী কৰা এজন ব্যক্তিয়ে তেওঁক ফোন আৰু হোৱাটছএপত মেছেজ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই বাৰ্তাত কেজৰিৱাল আৰু তেওঁৰ কন্যাক হত্যাৰ ভাবুকি দিয়া হৈছিল। তেওঁলোকৰ সুৰক্ষাৰ বিনিময়ত ৭ কোটি টকা মুক্তিপণ দাবী কৰা বুলিও অভিযোগ উত্থাপন হৈছিল।
দিল্লীৰ তিলক নগৰ সমষ্টিৰ বিধায়ক জাৰ্নাইল সিঙে যোৱা ৬ নৱেম্বৰত মোহালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল যে ফোন কৰা ব্যক্তিজনে নিজকে লৰেঞ্চ বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় দিছিল। কেজৰিৱালে ধন নিদিলে তেওঁ আৰু তেওঁৰ কন্যাক হত্যা কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছিল।
অভিযোগৰ ভিত্তিত মোহালী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (বি এন এছ) আৰু তথ্য প্ৰযুক্তি আইনৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰে। চাইবাৰ ক্ৰাইম থানাৰ পৰিদৰ্শক সুনীল কুমাৰক তদন্তৰ দায়িত্ব দিয়া হয়। ইয়াৰ পিছতে অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।
কিন্তু তদন্তৰ সময়ত যি তথ্য পোহৰলৈ আহিছে, সেই তথ্যই বাস্তৱিকতে আৰক্ষীৰ প্ৰাৰম্ভিক আশংকাক খণ্ডন কৰিছে। আৰক্ষীৰ শীৰ্ষ সূত্ৰই দাবী কৰিছে যে ধৃত ব্যক্তিজনৰ সৈতে লৰেন্স বিষ্ণোই বা তেওঁৰ দলটোৰ কোনো ধৰণৰ যোগাযোগৰ প্ৰমাণ পোৱা নগ’ল। সমগ্ৰ ঘটনাটো ভুৱা ভাবুকিৰ বুলি সন্দেহ কৰা হৈছে।
জাৰ্নাইল সিঙে কেৱল এজাহাৰ দাখিল কৰাই নহয় কেজৰিৱাল আৰু তেওঁৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থাৰ বাবেও অনুৰোধ জনাইছিল। উল্লেখ্য যে যে কেজৰিৱালে ইয়াৰ পূৰ্বেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল। ২০১৯ চনত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ইমেইলৰ জৰিয়তে তেওঁৰ কাৰ্যালয়লৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল। সেই ঘটনাত মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল৷ দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।





