দেশৰ সাংবাদিকৰ কণ্ঠৰোধ কৰি জেলত ভৰোৱাৰ পাছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলিকৈ প্ৰশ্ন কৰা আৰু মোদীৰ ঘনিষ্ঠ পুঁজিপতি গৌতম আদানি তথা মুকেশ আম্বানীক সমালোচনা কৰাৰ বাবেই এগৰাকী বিদেশী সাংবাদিকৰ ওপৰত নিৰ্লজ্জভাৱে প্ৰতিশোধ ল’লে কেন্দ্ৰীয় চৰকাৰে। অছলোৰ পৰা হায়দৰাবাদলৈ উৰা মৰাৰ কেইঘণ্টামান পূৰ্বে নৰৱেৰ নিৰ্ভীক সাংবাদিক হেলে লিঙৰ বৈধ ভাৰতীয় ভিছা আকস্মিকভাৱে বাতিল কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। স্বৈৰতান্ত্ৰিক মোদী চৰকাৰৰ এই কাপুৰুষালি আৰু প্ৰতিহিংসামূলক আচৰণে আন্তঃৰাষ্ট্ৰীয় মহলত লজ্জানত কৰিছে ভাৰতক।
উল্লেখ্য যে, কংগ্ৰেছ শাসিত তেলেংগানা চৰকাৰে ১২-ৰ পৰা ১৪ নৱেম্বৰলৈ হায়দৰাবাদত আয়োজন কৰা ‘ভাৰত চামিট’ত ‘সংবাদ মাধ্যমৰ ভৱিষ্যৎ’ শীৰ্ষক এক আলোচনাত অংশগ্ৰহণ কৰিবলৈ বুধবাৰে ভাৰতলৈ অহাৰ কথা আছিল নৰৱেৰ সাংবাদিক হেলে লিং। এই সন্মিলনৰ বাবে যোৱা ৩ নৱেম্বৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁক ৰাজনৈতিক অনুমতি প্ৰদান কৰিছিল আৰু হাতত বৈধ ভিছাও আছিল। কিন্তু বুধবাৰে বিমানবন্দৰলৈ ওলোৱাৰ ঠিক আগমুহূৰ্তত নৰৱেস্থিত ভাৰতীয় দূতাবাসৰ পৰা ফোন কৰি সাংবাদিকগৰাকীক জনোৱা হয় যে তেওঁৰ ভিছা বাতিল কৰা হৈছে আৰু তেওঁ ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব! আনকি ভিছাখন কায়িকভাৱে বাতিল কৰিবলৈ তেওঁক সশৰীৰে দূতাবাসলৈও তলব কৰা বুলি জানিব পৰা গৈছে।
স্বাধীন কণ্ঠক গলাটিপা দিয়া এই ঘটনাৰ আঁৰত যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পোনপটীয়া আক্রোশ লুকাই আছে, সেয়া সাংবাদিকগৰাকীয়ে বুধবাৰে মুকলি কৰা ভিডিঅ’ বাৰ্তাত স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহত নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ অছলো ভ্ৰমণ কৰাৰ সময়ত যৌথ বিবৃতি পাঠ কৰিয়েই সাংবাদিকৰ সন্মুখৰ পৰা পলায়ন কৰিব খোজাত হেলে লিঙে সাহসেৰে চিঞৰি মোদীক সুধিছিল— “প্ৰধানমন্ত্ৰী মোদী, আপুনি বিশ্বৰ সবাতোকৈ স্বাধীন সংবাদ মাধ্যমৰ কেইটামান প্ৰশ্নৰ উত্তৰ কিয় নিদিয়ে?” সাংবাদিকগৰাকীৰ এই পোনপটীয়া প্ৰশ্নৰ সন্মুখীন হ’ব নোৱাৰি সেইদিনা তলমূৰ কৰি সেই স্থান ত্যাগ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। পাছত সাংবাদিকগৰাকীয়ে বৈদেশিক সচিব চিবি জৰ্জকো ভাৰতত হোৱা মানৱাধিকাৰ উলংঘন আৰু মোদীয়ে কেতিয়াও সংবাদমেল পাতিবলৈ সাহস নকৰা বিষয়টোক লৈ জবাবদিহি কৰিছিল।
গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি মুকলি কৰা ভিডিঅ’টোত হেলে লিঙে পোনপটীয়াকৈ অভিযোগ কৰিছে যে মে’ মাহত নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি অপদস্থ কৰা, মোদী চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা আৰু চৰকাৰৰ বুকুত বহি দেশ লুণ্ঠন কৰা দুই পুঁজিপতি গৌতম আদানি আৰু মুকেশ আম্বানীৰ বিৰুদ্ধে মাত মতাৰ বাবেই শেষ মুহূৰ্তত অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে তেওঁক ভাৰতত প্ৰৱেশত বাধা দিছে। সাংবাদিকগৰাকীয়ে মোদী চৰকাৰৰ স্বৰূপ উদঙাই কয় “এয়া চূড়ান্ত উন্মাদনা! মোৰ ভাৰতীয় সাংবাদিক বন্ধুসকলে কৈছে যে নৰেন্দ্ৰ মোদী এজন অত্যন্ত প্ৰতিহিংসাপৰায়ণ মানুহ, যিয়ে সহজে কোনো কথা নাপাহৰে। কিন্তু মোক এনেকৈ বাধা দি তেওঁলোকে ভাবিছিল নেকি যে মই এই বিষয়ে নিলিখাকৈ থাকিম?”
ইফালে ‘ভাৰত চামিট’ৰ অন্যতম আয়োজক পুষ্পৰাজ দেশপাণ্ডেয়ো সামাজিক মাধ্যম ‘এক্স’ত চৰকাৰক তীব্ৰ ভাষাৰে ধিক্কাৰ দি কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ একনায়কত্ববাদী ৰাজত্বত তথাকথিত ‘গণতন্ত্ৰৰ মাতৃ’ৰ এয়াই হৈছে আচল চেহেৰা! এগৰাকী বিদেশী মহিলা সাংবাদিকৰ প্ৰশ্নক লৈ শাসনাধিষ্ঠ চৰকাৰ এখন কিমান ভীতিত্ৰস্ত হ’ব পাৰে, ভিছা বাতিলৰ এই ঘটনাই আজি বিশ্বজুৰি তাকেই প্ৰমাণ কৰি পেলাইছে।





