তেওঁৰ শৈক্ষিক অৰ্হতাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। আদালততো তেওঁ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। পদত থকাৰ বৈধতাক লৈ সমালোচনাৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰিলে ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিয়ে।
ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোকো উইডোডোৰ পুত্ৰ জিব্ৰান ৰাকাবুমিং ৰাকা। ৩৯ বছৰীয়া ৰাকা দেশখনৰ উপ-ৰাষ্ট্ৰপতি আছিল। বৃহস্পতিবাৰে ৰাজধানী জাকাৰ্টাৰ সংসদ ভৱনত তেওঁ দেশৰ সৰ্বোচ্চ বিধায়িনী দল পিপলছ কনছালটেটিভ এছেম্বলীৰ শীৰ্ষ নেতৃত্বৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। অৱশ্যে পদত্যাগ কৰাৰ পিছত তেওঁ কোনো মন্তব্য কৰা নাই।
বিদেশত পঢ়া-শুনা সন্দৰ্ভত দেখুৱাব লগা নথি-পত্ৰৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। বিদেশত পঢ়া-শুনা সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি জিব্ৰাণ ৰাকাবুমিং ৰাকাই দাখিল কৰা নথি-পত্ৰ নিৰ্বাচনৰ নিয়ম অনুসৰি উপযুক্ত নহয় বুলি আদালতে প্ৰকাশ কৰে।
ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে মহাভিযোগৰ দাবী তীব্ৰতৰ হৈ পৰে। তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। বুধবাৰে মুঠ আঠটা দলৰ ১২০জন সাংসদে এখন আৱেদনো দাখিল কৰে। ইয়াৰ পিছতে তেওঁ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে।
অৱশ্যে সূত্ৰই জনোৱা মতে, বিতৰ্কৰ সৃষ্টি হোৱাৰ আগতেই তেওঁ মঙলবাৰে পদত্যাগ কৰাৰ কথা ভাবিছিল। ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্টোৰ সৈতে সাক্ষাৎ কৰি পদত্যাগ কৰাৰ প্ৰস্তাৱ দিয়ে। অৱশ্যে ৰাষ্ট্ৰপতি প্ৰবোৱে তেওঁক পদত্যাগ কৰাৰ পৰিৱৰ্তে আইনৰ দ্বাৰস্থ হ’বলৈ কয়। যদিও সেই সময়ত তেওঁৰ পদত্যাগ ৰাষ্ট্ৰপতিয়ে মানি লৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
কিছুদিন পূৰ্বে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপিত হৈছিল। দীৰ্ঘদিনীয়া যুঁজৰ অন্তত প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে মূৰ নত কৰিবলগীয়া হয়। তেওঁ পদত্যাগ কৰে।
ভাৰতৰ বহু ৰাজনীতিবিদৰ শিক্ষাগত অৰ্হতাক লৈও বহুদিন ধৰি প্ৰশ্ন উত্থাপন হৈ আহিছে। এই বিষয়ত তেওঁলোকৰ পৰা কোনো মন্তব্য শুনা নাযায়। কিন্তু ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ লগে লগে তেওঁ কোনো বিতৰ্কলৈ নগৈ পদত্যাগ কৰিলে।





